পূৰ্বৰে পৰা বিজয়ে কৰিশ্মা দাস নামৰ মহিলাগৰাকীক হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ পৰিকল্পনা ৰছিচিল।
পূৰ্বৰে পৰা বিজয়ে কৰিশ্মা দাস নামৰ মহিলাগৰাকীক হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ পৰিকল্পনা ৰছিচিল।
অৱশেষত ৪৮ ঘণ্টাৰ ভিতৰত হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল হাজোৰ ৩নং মনাহকুছিত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বিজয় দাসক। আৰক্ষীৰ উপৰ্যুপৰি জেৰাত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিতেই এই নৃশংস হত্যাকাণ্ডৰ লগত প্ৰত্যক্ষভাবে জড়িত থকাৰ কথা স্বীকাৰ কৰিলে স্বামী বিশ্বজিৎ ডেকাৰ গাড়ীচালক বিজয় দাসে।
অবৈধ প্ৰেমৰ বাবেই সংঘটিত হʼল এই বৰ্বৰ কাণ্ড। পূৰ্বৰে পৰা বিজয়ে কৰিশ্মা দাস নামৰ মহিলাগৰাকীক হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ পৰিকল্পনা ৰছিচিল। ইতিমধ্যে অভিযুক্ত বিজয় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত হাজো আৰক্ষীয়ে মঙলবাৰে নিশাৰে পৰা হত্যাকাৰী বিজয় দাসক লগত লৈ অৱশেষত বুধবাৰে পুৱা ২নং মনাহকুছিৰ গল্লিপাৰৰ পথাৰৰ মাজৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰখন।
নৈশ সান্ধ্য আইনৰ মাজতে সোমবাৰে নিশা হাজোৰ ৩নং মনাহকুছিত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড। ধেমাজিৰ গোগামুখৰ জীয়ৰী কৰিশ্মাৰ মাতৃগৃহৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে। হাজো আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি দোষীক কৰায়ত্ত কৰাত পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|