হাজোৰ সস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভূমি ভূ-মাফিয়াই দখল কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ স্থানীয় লোকৰ উত্তাল প্ৰতিবাদ।
সত্ৰৰ ভূমি নহয় এইবাৰ দুষ্কৃতিকাৰীৰ শেন চকু পৰিছে বিদ্যালয়ৰ ভূমিত। হাজোৰ সস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভূমি দখলত নমাৰ অভিযোগ উত্থাপিত হৈছে একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে। ক'ভিড সৃষ্ট পৰিবেশৰ বাবে বিদ্যালয় সমূহৰ পাঠদান বন্ধ হৈ থকাৰ সুযোগ গ্ৰহণ কৰিছে ভূ-মাফিয়াই। ১৯৮৭ চনত স্থানীয় কেইগৰাকীমান শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনত বৰ্তমান ছাত্র-ছাত্ৰীৰ সংখ্যা ১২০ গৰাকী আৰু ইয়াৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰী আছে চাৰি গৰাকী । ইতিমধ্যে বিদ্যালয়ৰ ভূমি বেদখলৰ বাবে ভূ-মাফিয়াই বিদ্যালয়ৰ চৌহদত ট্ৰেক্টৰেৰে খন্দাৰ লগতে চৌদিশে বাহৰ খুটি স্থাপন কৰি এক প্ৰকাৰ বেদখল কৰাৰ বাবে উঠি -পৰি লাগিছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। কেৱল এয়াই নহয় বিদ্যালয়খনৰ নথি-পত্ৰ, আচবাব আদি লণ্ড-ভণ্ড কৰাৰ লগতে তিনিখন চিলিং ফেন ইতিমধ্যে চুৰি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভূ-মাফিয়া বিৰুদ্ধে । শৌচলায় সমূহটো ড্ৰাগছ, মদ আৰু ভাঙৰ আড্ডা চলে বুলিও স্থানীয় ৰাইজেৰ লগতে অভিযোগ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। শীঘ্ৰে বিদ্যালয়ৰ ভূমি বে-দখল মুক্ত কৰাৰ দাবীত ছাত্র-ছাত্ৰী তথা একাংশ স্থানীয় লোকে আজি এনেদৰে কৰিলে উত্তাল প্ৰতিবাদ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 20, 2021, 12:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।