মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চৌদিশে চলিছে সংগ্ৰাম, মাথোঁ জীয়াই থকাৰ সংগ্ৰাম ! এমুঠি অন্নৰ বাবে পথে পথে কত ভ্ৰমিলে এটা পৰিয়ালে...

চৌদিশে চলিছে সংগ্ৰাম, মাথোঁ জীয়াই থকাৰ সংগ্ৰাম ! এমুঠি অন্নৰ বাবে পথে পথে কত ভ্ৰমিলে এটা পৰিয়ালে...

News18 Assam | News18-Assam
Updated:May 17, 2021, 5:47 PM IST
চৌদিশে চলিছে সংগ্ৰাম, মাথোঁ জীয়াই থকাৰ সংগ্ৰাম ! এমুঠি অন্নৰ বাবে পথে পথে কত ভ্ৰমিলে এটা পৰিয়ালে...
উপায়বিহীন এই পৰিয়ালটোৱে মহামাৰী ক'ৰোণাৰ সান্ধ্য আইনৰ বাধাকো নেওচি দিক বিদিক হেৰুৱাই পেটৰ ক্ষুধা মাৰিবলৈ ঘূৰি ফুৰিছে হাজোৰ চুকে কোণে।

উপায়বিহীন এই পৰিয়ালটোৱে মহামাৰী ক'ৰোণাৰ সান্ধ্য আইনৰ বাধাকো নেওচি দিক বিদিক হেৰুৱাই পেটৰ ক্ষুধা মাৰিবলৈ ঘূৰি ফুৰিছে হাজোৰ চুকে কোণে।

  • Share this:
মহামাৰী ক'ৰোণাক লৈ চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ মাজতে জীৱন সংগ্ৰাম হাজোৰ এহাল বৃদ্ধ দম্পতীৰ। এই দম্পত্তীহালে কঠোৰ জীৱন সংগ্ৰাম কৰিছে এমুঠি অন্নৰ বাবে। জনশূণ্য হাজোৰ ৰাজপথত এই তিনিচকীয়া বাহনখনক সাৰথি কৰি আহিছে হাজোলৈ।

হাজোৰ বুল্লুটৰ জুবেৰ আলী আৰু এলিজা বেগমে পেটৰ ভোকৰ তাড়নাত খুজি মাগি সান্ধ্য আইনৰ মাজতেই ঘৰলৈ এনেদৰে উভতি আহিছে বাইহাটা চাৰিআলিৰ পৰা।এফালে পৰিয়ালটো দৰিদ্ৰ, আনফালে বিশেষভাৱে সক্ষম, কিনো কৰিব! উপায়বিহীন এই পৰিয়ালটোৱে মহামাৰী ক'ৰোণাৰ সান্ধ্য আইনৰ বাধাকো নেওচি দিক বিদিক হেৰুৱাই পেটৰ ক্ষুধা মাৰিবলৈ ঘূৰি ফুৰিছে হাজোৰ চুকে কোণে।
Published by: Kokil Sarma
First published: May 17, 2021, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি