হাজো আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ৰাজু আলী, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

News18 Assam | News18-Assam
Updated:June 18, 2021, 9:35 AM IST
হাজো আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ৰাজু আলী, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
৬৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ সৈতে আটক হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজু আলীক অধিক তথ্যৰ বাবে সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

৬৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ সৈতে আটক হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজু আলীক অধিক তথ্যৰ বাবে সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

  • Share this:
হাজোত ৬৫টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিছে মোষ্ট ৱাণ্টেড কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজু আলী। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত হাজোৰ দলৈটোলাত ড্ৰাগছৰ বিৰুদ্ধে চলিছিল এক অভিযান। আৰক্ষীৰ এই অভিযানতেই দলৈটোলাৰ নিজ ঘৰৰ পৰা ৰাজু আলী নামৰ এইটো ড্ৰাগছ মাফিয়াটোক আটক কৰাৰ লগতে ৬৫টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ লগতে নগদ ২০হাজাৰ টকা আৰু প্ৰায় ১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

দীৰ্ঘদিন ধৰি ৰাজু আলীয়ে আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন স্থানত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইতিমধ্যে তীৰ্থনগৰী হাজোত গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে। শেহতীয়াকৈ হাজোৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে বস্তাই বস্তাই গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিছে কেইবাটাও গাঞ্জা ব্যৱসায়ীক।

ইফালে, ৬৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ সৈতে আটক হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজু আলীক অধিক তথ্যৰ বাবে সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: June 18, 2021, 9:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি