দৰিদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক বিনাদোষত ৫জনকৈ লোকে মৰিয়াই হত্যা কৰাৰ ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য
দৰিদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক বিনাদোষত ৫জনকৈ লোকে মৰিয়াই হত্যা কৰাৰ ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য
নাই কোনো অনুশোচনা! যেন যুদ্ধ জয় কৰিহে আহিল! হাঁহি হাঁহি, হাত জোকাৰি বীৰৰ দৰে থানাত প্ৰৱেশ কৰিলে হাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত। ইতিমধ্যে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন অভিযুক্তক। এতিয়াও পলাতক হৈ আছে এজন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম ক্ৰমে, আব্দুল জলিল, ফাইজুল হক। ইফালে সনাতন ডেকাৰ হত্যাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব বুলি জনালে মন্ত্ৰী ভৱেশ কলিতাই।
উল্লেখযোগ্য যে, দৰিদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক বিনাদোষত ৫জনকৈ লোকে মৰিয়াই হত্যা কৰাৰ ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। ইতিমধ্যে সনাতন ডেকাৰ লগতে চাবুৱাত উন্মাদ লোকৰ হাতত প্ৰাণ হেৰুওৱা পৰাগজ্যোতি নেওঁগৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|