মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয়ে হাতত তুলি লৈছে ৰং-তুলিকা

মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয়ে হাতত তুলি লৈছে ৰং-তুলিকা

News18 Assam | News18-Assam
Updated:April 23, 2021, 12:27 PM IST
মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয়ে হাতত তুলি লৈছে ৰং-তুলিকা
হাজো ধোপৰগুৰিৰ জ্যোতিস্মিতা ওজা নামৰ এইগৰাকী প্ৰকৃতিপ্ৰেমী কিশোৰীয়ে কাঠৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত অংকন কৰিছে বহুতো ছবি। ক'ৰোণা ভাইৰাছৰ ভয়াৱহতা আৰু সজাগতাৰ বাবে অঁকা মাস্কৰ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে।

  • Share this:
এক এৰাব নোৱাৰা বস্তুত পৰিণত হৈছে মাস্ক। কৰʼণাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত আমাৰ সকলোৰে সুৰক্ষা কবচত পৰিণত হৈছে মাস্কখন। মাস্ক পৰিধান কৰিবলৈ চৰকাৰেও জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয়ে হাতত তুলি লৈছে ৰং-তুলিকা।

হাজো ধোপৰগুৰিৰ জ্যোতিস্মিতা ওজা নামৰ এইগৰাকী প্ৰকৃতিপ্ৰেমী কিশোৰীয়ে কাঠৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত অংকন কৰিছে বহুতো ছবি। বিশেষকৈ জ্যোতিস্মিতাই ক'ৰোণা ভাইৰাছৰ ভয়াৱহতা আৰু সজাগতাৰ বাবে অঁকা মাস্কৰ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সকলোৰে। আনহাতে, এই ক্ষুদ্ৰ কাঠৰ টুকুৰাত প্ৰাণ ঠাই উঠিছে ৰংঘৰ, তাজমহল, লক্ষ্মীনাথ বেজবৰুৱা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, জুবিন, পাপন আদিৰ ছবি। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা কিশোৰী গৰাকীক এই ক্ষেত্ৰত পিতৃ-মাতৃয়েও যথেষ্ট উৎসাহ যোগাই আহিছে। বিশেষকৈ শেহতীয়া পৰিস্থিতিৰ লগত খাপ খুৱাই ক্ষুদ্ৰ ক্ষুদ্ৰ কাঠৰ টুকুৰাত মাস্ক অংকন কৰি সজাগতা সৃষ্টি কৰাত চৰ্চালৈ আহিছে হাজো‌ ধোপৰগুৰিৰ জ্যোতিস্মিতা ওজা।
Published by: Kokil Sarma
First published: April 23, 2021, 12:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি