মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন ‘হেলিকপ্টাৰ’ উপহাৰ দিব হাজোৰ এইজন লোকে!

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন ‘হেলিকপ্টাৰ’ উপহাৰ দিব হাজোৰ এইজন লোকে!

News18 Assam | News18-Assam
Updated:July 27, 2021, 9:38 AM IST
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন ‘হেলিকপ্টাৰ’ উপহাৰ দিব হাজোৰ এইজন লোকে!
সুদীৰ্ঘ পঞ্চাশ বছৰ এই শিল্পটোৰ লগত জড়িত হৈ কুটীৰ শিল্পী ৰমাকান্তই থলুৱাভাৱে এটাৰ পিছত আনটো সামগ্ৰী সাজি উলিয়াইছে।

সুদীৰ্ঘ পঞ্চাশ বছৰ এই শিল্পটোৰ লগত জড়িত হৈ কুটীৰ শিল্পী ৰমাকান্তই থলুৱাভাৱে এটাৰ পিছত আনটো সামগ্ৰী সাজি উলিয়াইছে।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এটা উপহাৰ দিবলৈ সাজু হৈছে তীৰ্থনগৰী হাজোৰ মনাহকুছি গাঁৱৰ এগৰাকী কুটীৰ শিল্পীয়ে। শিল্পীগৰাকীৰ নাম ৰমাকান্ত মালাকাৰ। শেহতীয়াকৈ শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এখন হেলিকপ্টাৰ। বাঁহ-বেতেৰে প্ৰায় এমাহজোৰা কষ্টৰ অন্তত সাজি উলিওৱা এই হেলিকপ্টাৰখন ৰাজ্যখনৰ কৰ্মঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰিবলৈ শিল্পীগৰাকীয়ে মনত হেঁপাহ পুহি ৰাখিছে।

এই উপহাৰ প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক যোগাযোগ কৰি দিবলৈ NEWS18ৰ আগত অনুৰোধ জনাইছে শিল্পী ৰমাকান্ত মালাকৰে। ২০১৬ চনতো আন এখন যুঁজাৰু বিমান ড০ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিবলৈ সাজু কৰিছিল যদিও যোগাযোগৰ অভাৱৰ বাবে শিল্পীগৰাকীয়ে প্ৰদান কৰাত ব্যৰ্থ হৈছিল।

সুদীৰ্ঘ পঞ্চাশ বছৰ এই শিল্পটোৰ লগত জড়িত হৈ কুটীৰ শিল্পী ৰমাকান্তই থলুৱাভাৱে এটাৰ পিছত আনটো সামগ্ৰী সাজি উলিয়াইছে। বিয়া-সবাহৰ বাবে ধানেৰে সাজি উলিয়াইছে অসমীয়াৰ পৰাম্পৰাগত আ-অলংকাৰ। এই আ-অলংকাৰবোৰৰ চাহিদা আছে যদিও কোভিড মহামাৰীৰ বাবে এতিয়া শিল্পটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

এই শিল্পটো সজীৱ কৰি ৰাখি শিল্পী ৰমাকান্তই পৰিয়ালটোক অতি সুন্দৰভাৱে পোহপাল দি আহিছিল  যদিও বিগত দুবছৰ তেওঁৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰিব নোৱাৰাত চৰিজনীয়া পৰিয়ালটো পোহপাল দিয়াত ভীষণ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। সুদীৰ্ঘ পঞ্চাশ বছৰ ধৰি এই শিল্পটোৰ লগত জড়িত থাকি অঞ্চলটোত ৰমাকান্তই এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
Published by: Sanjay Kumar Das
First published: July 27, 2021, 9:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি