
মহামাৰী ক'ৰোণাৰ এই সময়ছোৱাত অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়াল তীব্ৰ জল সংকটত ভোগাত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে গণেশটোলাৰ গৃহিণীসকলে।
মহামাৰী ক'ৰোণাৰ এই সময়ছোৱাত অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়াল তীব্ৰ জল সংকটত ভোগাত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে গণেশটোলাৰ গৃহিণীসকলে।
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ অৱস্থা তীৰ্থনগৰী হাজোত। স্বাধীনতাৰ ৭৩ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সমীপৰ গনেশটোলা অঞ্চলৰ ৰাইজে।
মহামাৰী ক'ৰোণাৰ এই সময়ছোৱাত অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়াল তীব্ৰ জল সংকটত ভোগাত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে গণেশটোলাৰ গৃহিণীসকলে। পুৱাৰে পৰা অঞ্চলটোৰ ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাল্টি, কলহ লৈ অপেক্ষা কৰি থাকিবলগীয়া হয় এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 'ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান' আঁচনিৰ অধীনত পৰ্যাপ্ত পানী যোগান নধৰাত পানী ক্ৰয় কৰিবলগীয়াত পৰিছে অঞ্চলটোৰ ৰাইজে। যাৰ বাবে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সমীপৰ এইটো গণেশটোলা অঞ্চল। এইক্ষেত্ৰত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হস্তক্ষেপ বিচাৰি অতি শীঘ্ৰে খোৱা পানী পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ আহ্বান জনাইছে তীৰ্থনগৰী হাজোৰ গণেশটোলাবাসী ৰাইজে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|