দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাৰ সমাধান নোহোৱাত প্ৰতিবাদমুখৰ হৈ পৰে দমদমা অঞ্চল। এই পথ অৱৰোধৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয়। আনকি যানজটৰ কৱলত পৰে এম্বুলেন্সো।
দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাৰ সমাধান নোহোৱাত প্ৰতিবাদমুখৰ হৈ পৰে দমদমা অঞ্চল। এই পথ অৱৰোধৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয়। আনকি যানজটৰ কৱলত পৰে এম্বুলেন্সো।
হাজোৰ দমদমাত উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ ৰাইজে কৰিলে পথ অৱৰোধ। দমদমা মহাবিদ্যালয়ৰ সন্মুখত প্ৰায় এঘণ্টা সময় ধৰি ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে।
দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাৰ সমাধান নোহোৱাত প্ৰতিবাদমুখৰ হৈ পৰে দমদমা অঞ্চল। এই পথ অৱৰোধৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয়। আনকি যানজটৰ কৱলত পৰে এম্বুলেন্সো। অৱশ্যে হাজো আৰক্ষীৰ হস্তক্ষেপত হাজো গুৱাহাটী মূল পথতো মুকলি কৰি দিয়ে বানাক্ৰান্তই। স্থানীয় ৰাইজে শীঘ্ৰেই বিধায়িকা সুমন হৰিপ্ৰিয়াক এই সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে দমদমা, দধি, কুলহাটী অঞ্চলত বৰষুণৰ ফলত জমা হোৱা পানী ওলাই যোৱাৰ পথ বন্ধ হোৱাত এই বৃহত্তৰ অঞ্চলটোৰ শ শ পৰিয়াল কৃত্ৰিম আৱদ্ধ হৈ পৰিছে। অভিযোগ উঠিছে বৰষুণৰ পানী ওলাই যোৱা পথ নথকাত দীৰ্ঘদিন ধৰি কৃত্ৰিম বানত বুৰ গৈছে। এই সমস্যা সমাধানৰ দাবীত হাজো গুৱাহাটী মূল পথ অৱৰোধ কৰে স্থানীয় ৰাইজে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|