হাজো স্বাস্থ্যখণ্ডৰ অন্তৰ্গত এলেকাসমূহত আজিৰে পৰা আৰম্ভ হ'ল ১৮-৪৫ বছৰ বয়সৰ লোকসকলৰ Covid ভেকচিন প্ৰদান অভিযান।
হাজো স্বাস্থ্যখণ্ডৰ অন্তৰ্গত এলেকাসমূহত আজিৰে পৰা আৰম্ভ হ'ল ১৮-৪৫ বছৰ বয়সৰ লোকসকলৰ Covid ভেকচিন প্ৰদান অভিযান।
তীৰ্থনগৰী হাজোত দৈনিক দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে হাজোবাসী। ইতিমধ্যে হাজো বিষ্ণুৰাম মেধি FRU ত অবাহত আছে ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া।
আনহাতে আজিৰে পৰা হাজোৰ পাঁচগাঁও প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা হৈছে ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলৰ ভেকছিন প্ৰদান অভিযান। ইতিপূৰ্বে CoWin পৰ্টেলত নাম পঞ্জীয়ন কৰাৰ লগতে নিজৰ আসন সংৰক্ষণ কৰা লোকসকলেহে এই কেন্দ্ৰত ভেকছিন ল'ব পাৰিব। পাঁচগাঁও প্ৰাথমিক বিদ্যালয়খনৰ এই অস্থায়ী ভেকছিন কেন্দ্ৰত আজিৰ দিনটোত এশগৰাকী লোকক ভেকছিন প্ৰদান কৰা হ'ব। আনহাতে ৪৫ বছৰ উৰ্ধ্বৰ লোকসকলৰ টিকাকৰণ পূৰ্বৰ দৰেই চলি আছে। হাজোৰ আন আন প্ৰান্ততো ১৮-৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে ভেকছিন কেন্দ্ৰ স্থাপন কৰি টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে বুলি জানিবলৈ দিছে মহকুমা স্বাস্থ্য বিষয়া ড° গৌৰাংগ দাসে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|