உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তীৰ্থভূমি হাজোক উদ্যোগিক ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য। কোভিড চেণ্টাৰ পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য।

    তীৰ্থভূমি হাজোক উদ্যোগিক ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য। কোভিড চেণ্টাৰ পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য।

    তীৰ্থভূমি হাজোৰ পৰ্যটনক্ষেত্ৰ উন্নত কৰাৰ লগতে হাজোৰ নিবনুৱা সকলৰ কৰ্মসংস্থাপনৰ বাবে হাজো এখন উদ্যোগিক ক্ষেত্ৰ হিচাবে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

    • Share this:
    তীৰ্থভূমি হাজোৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতি সাধন কৰাৰ লগতে হাজোৰ নিবনুৱা সকলৰ কৰ্মসংস্থাপনৰ বাবে হাজোত এখন উদ্যোগিক ক্ষেত্ৰ হিচাবেও গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যিক  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

    আজি মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে হাজোৰ কোভিড প্ৰতিষেধক কেন্দ্ৰ। হাজোৰ কৈৱৰ্তটোলাৰ কোভিড প্ৰতিষেধক কেন্দ্ৰত মন্ত্ৰীগৰাকী উপস্থিত হৈ প্ৰতিষেধক প্ৰদানৰ বুজ লয়। ৰাজ্য চৰকাৰৰ দৈনিক তিনি লাখ প্ৰতিষেধক প্ৰদান অভিযান সফল কৰিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

    কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনক সকলো দিশতে আগুৱাই নিবলৈ প্ৰয়াস কৰিব বুলি মন্তব্য কৰে। আজি হাজোৰ এই ভেকচিন চেণ্টাৰ পৰিদৰ্শনৰ কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।
    Published by:Manjumoni Borah
    First published: