যোৱা সোমবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ গাঁৱৰ তন্ময় নাথে ৰে’লেৰে ৰওনা হৈছিল গোৱালৈ।
যোৱা সোমবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ গাঁৱৰ তন্ময় নাথে ৰে’লেৰে ৰওনা হৈছিল গোৱালৈ।
কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ প্ৰাণ দিব লগা হ’ল আৰু এজন অসমীয়া যুৱকে। কামৰ সন্ধানত বাবে অসমৰ পৰা গোৱালৈ যোৱাৰ পথত অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক ৰাজ্যৰ সীমান্তত অচিনাকি দুৰ্বৃত্তই হত্যা কৰে হাইলাকান্দি জিলাৰ মোহনপুৰ গাঁৱৰ বাসিন্দা তন্ময় নাথ নামৰ যুবকজনক।
যোৱা সোমবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ গাঁৱৰ তন্ময় নাথে ৰে’লেৰে ৰওনা হৈছিল গোৱালৈ। কিন্তু অন্ধ্ৰ প্ৰদেশ পোৱাৰ পিছতে যোৱা বুধবাৰে নিশা কেইজনমান দুৰ্বৃত্তই তেওঁক খেদিবলৈ আৰম্ভ কৰে। এই কথা ফোনযোগে পত্নী চম্পা নাথ আৰু মাতৃ স্বপ্না নাথক অৱগত কৰিছিল তন্ময়ে। কিন্তু ইয়াৰ পিছতেই যুৱকজনৰ মোবাইল ফোনটো বন্ধ হৈ পৰে। আৰু বৃহস্পতিবাৰে তন্ময়ৰ মৃতদেহ কৰ্ণাটকৰ এটা ৰে’ল ষ্টেচনৰ ট্ৰেকত উদ্ধাৰ হৈছে বুলি ঘৰলৈ খবৰ আহে।
এই খবৰ পোৱাৰ পিছতেই শোকৰ ছাঁ বিৰাজ কৰিছে মোহনপুৰ গাঁৱত। মাতৃ, পত্নীৰ বাহিৰে তন্ময় নাথৰ পৰিৱালত আছে ৪ আৰু ৫ বছৰীয়া দুই কন্যা সন্তান। এনে পৰিস্থিতিত দক্ষিণ ভাৰতলৈ গৈ মৃতদেহ লৈ অহাটো প্ৰায় অসম্ভৱ হৈ পৰিছে পৰিয়ালটোৰ বাবে। ফলত ৰাজ্য চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনে তন্ময়ৰ মৃতদেহ অনাত পৰিয়ালক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|