অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে হাইলাকান্দিত মহিলাসকলৰ প্ৰতিবাদ । হাইলাকান্দি জিলাৰ পাচগ্ৰাম এলেকাত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক মহিলাই। পাচগ্ৰাম এলেকাৰ বিভিন্ন SHG সমূহৰ সৈতে যুক্ত থকা মহিলাসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।
আজি হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ, অবৈধ সুৰা আৰু আন নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰাৰ দাবীত বিভিন্ন শ্লোগান দি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলেশ্বৰ পয়েন্টৰ পৰা পাচগ্ৰাম বজাৰলৈকে এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ।
উল্লেখযোগ্য় যে, দীৰ্ঘদিনৰ পৰা পাচগ্ৰাম এলেকাত অবৈধ সুৰা আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈ আছে আৰু ক্ৰমাত সুৰাপায়ীৰ সংখ্যা বৃদ্ধি পোৱাত এই মহিলাসকলৰ সাংসাৰিক জীৱনতো প্ৰভাৱ
Published by: Subham Goswami
FIRST PUBLISHED : March 18, 2023, 17:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।