உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধৰা পৰাৰ পিছত নোলাল কোনো মালিক, হাইলাকান্দি আৰক্ষীয়ে জুই দিলে ৫৫ কুইণ্টল বাৰ্মিজ চুপাৰিত

    ধৰা পৰাৰ পিছত নোলাল কোনো মালিক, হাইলাকান্দি আৰক্ষীয়ে জুই দিলে ৫৫ কুইণ্টল বাৰ্মিজ চুপাৰিত

    হাইলাকান্দিত আৰক্ষীয়ে জুই লগাই ধ্বংস কৰিলে ২ কোটি টকাৰ বাৰ্মিজ চুপাৰি ।

    হাইলাকান্দিত আৰক্ষীয়ে জুই লগাই ধ্বংস কৰিলে ২ কোটি টকাৰ বাৰ্মিজ চুপাৰি ।

    হাইলাকান্দিত আৰক্ষীয়ে জুই লগাই ধ্বংস কৰিলে ২ কোটি টকাৰ বাৰ্মিজ চুপাৰি ।

    • Share this:
    হাইলাকান্দিত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত আৰক্ষী। চুপাৰি জব্দ, গুদাম ছীল কৰাৰ পিছতে এতিয়া ধ্বংস কৰিছে প্ৰায় ২ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি । আজি হাইলাকান্দি জিলাৰ গাগলাছেড়া এলেকাত জব্দকৃত ৫৫ কুইন্টল চুপাৰি (Burmese supari Burned) জুই লগাই জ্বলাই ধ্বংস কৰে আৰক্ষীয়ে ।

    আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ, সুৰা ধ্বংস কৰাৰ দৃশ্য আগতে বহুত দেখিছে । কিন্তু ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে দেখা গ'ল এই ব্যতিক্ৰমি দৃশ্য । হাইলাকান্দি আৰক্ষীয়ে (Hailakandi Police) যোৱ‍া অক্টোবৰ মাহতে হাইলাকান্দি জিলাৰ লালা থানা এলেকাৰ পৰা জব্দ কৰিছিলে প্ৰায় ৫৫ কুইন্টল বাৰ্মিজ চুপাৰি (Burma Betel Nut)। কিন্তু এই চুপাৰিখিনিৰ কোনো গৰাকী নথকাৰ বাবে আৰক্ষী দ্বাৰস্থ হয় ন্যায়ালয়ৰ (Court)। লগতে খাদ্য সুৰক্ষা বিভাগে এই চুপাৰিসমূহ মানুহে খোৱাৰ অনুপযোগী বুলি ঘোষণা দিয়ে ।

    ইয়াৰ পিছতে ন্যায়ালয়ৰ নিৰ্দেশত আজি আৰক্ষীয়ে জুই লগাই পুৰি পেলাই চুপাৰিখিনি ।  আৰক্ষীয়ে জুই লগাই ধ্বংস কৰা ৫৫ কুইন্টল বাৰ্মিজ চুপাৰিৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি ( 2.50 crore ) টকা হ'ব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

    উল্লেখ্য, হাইলাকান্দি জিলাত  ইতিমধ্যে আৰক্ষীয়ে ছীল কৰিছে ৮টা কৈ গুদাম । এই গুদামকেইটাত বৃহৎ পৰিমাণে মজুত কৰি ৰখা হৈছিল অবৈধ আমদানি কৃত বাৰ্মিজ চুপাৰি। শনিবাৰ বিয়লিৰ পৰা দেওবাৰ পুৱা লৈকে চলা এই অভিযানত জিলাৰ সাহাবাদ, কৃষ্ণপুৰ, আব্দুল্লাপুৰ, লালা বজাৰ, আলগাপুৰ আদি এলেকাত থক‍া মোট ৮টা গুদাম ছীল কৰে আৰক্ষীয়ে। আনহাতে, প্ৰতিটো গুদাম ছীল কৰি, অহা ২৪ ঘন্টাৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীয়ে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: