• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত ৩ কোটি ৫০ লাখ টকাৰ বেটাৰীসহ উদ্ধাৰ এখন চুৰি ট্ৰাক, তিনিজনক গ্ৰেপ্তাৰ

হাইলাকান্দিত ৩ কোটি ৫০ লাখ টকাৰ বেটাৰীসহ উদ্ধাৰ এখন চুৰি ট্ৰাক, তিনিজনক গ্ৰেপ্তাৰ

তদন্তৰ আৰম্ভণিতে আৰক্ষীয়ে গাড়ীৰ ভিতৰত থকা এটা মোবাইল নম্বৰত ফোন কৰি জানিব পাৰে যে এই গাড়ীখন পশ্চিম বংগৰ কলকতাৰ পৰা আহিছিল। আৰু দুদিন আগতে গাড়ীখন বেটাৰীসহ চুৰি হৈছে।

  • Share this:
হাইলাকান্দিত ৩ কোটি ৫০ লাখ টকাৰ বেটাৰীসহ উদ্ধাৰ এখন চুৰি হোৱা ট্ৰাক। বৃহস্পতিবাৰে নিশা আলগাপুৰ এলেকাৰ গুলালিয়াৰ পৰা আৰক্ষীয়ে জব্দ কৰে WB 51A 3174 নম্বৰৰ ট্ৰাকখন। ট্ৰাকখনত মজুত আছিলে মুঠ ২০০টা ইনভাৰ্টাৰত ব্যৱহাৰ কৰা বেটাৰী। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰ লগতে জড়িত তিনিজন লোকক।

বৃহস্পতিবাৰে নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত ৬ নং (পুৰণি ১৫৪ নম্বৰ) ৰাষ্ট্ৰীয় ঘাইপথৰ গুলালিয়া এলেকাত পথৰ দাঁতিত সন্দেহজনক অৱস্থাত এখন ট্ৰ‍াক ৰৈ থক‍‍া অৱস্থাত প্ৰত্যক্ষ কৰে আলগাপুৰ আৰক্ষীয়ে। WB 51A 3174 নম্বৰৰ এই গাড়ীখনত মজুত আছিলে ডাঙৰ বাহন আৰু ইনভাৰ্টাৰত ব্যৱহাৰ কৰাৰ বেটাৰী।

গাড়ীখন পিছফালে উন্মুক্ত থকাৰ বাবে আৰক্ষীৰ সন্দেহ হোৱাত তদন্ত আৰম্ভ কৰে। তদন্তৰ আৰম্ভণিতে আৰক্ষীয়ে গাড়ীৰ ভিতৰত থকা এটা মোবাইল নম্বৰত ফোন কৰি জানিব পাৰে যে এই গাড়ীখন পশ্চিম বংগৰ কলকতাৰ পৰা আহিছিল। আৰু দুদিন আগতে গাড়ীখন বেটাৰীসহ চুৰি হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে অতি তৎপৰতাৰে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে।

এই ঘটনাৰ লগতে এটা বৃহৎ চক্ৰ জড়িত আছে বুলি দাবী কৰিছে আৰক্ষীয়ে। ইপিনে, গাড়ীখনৰ ভিতৰত প্ৰায় ৩ কোটি ৫০ লাখ টকাৰ বেটাৰি আছে বুলি অনুমান কৰা গৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি