உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Free Helmet : ৰাজপথত বিনামূলীয়া হেলমেট, হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ প্ৰশাসনৰ

    Free Helmet : ৰাজপথত বিনামূলীয়া হেলমেট, হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ প্ৰশাসনৰ

    Free Helmet : হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ হাইলাকান্দি জিলা প্ৰশাসনৰ । 

    Free Helmet : হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ হাইলাকান্দি জিলা প্ৰশাসনৰ । 

    Free Helmet : হেলমেটবিহীন বাইক আৰোহীক হেলমেট উপহাৰ হাইলাকান্দি জিলা প্ৰশাসনৰ । 

    • Share this:
    প্ৰতিবছৰে ৩১ ডিচেম্বৰ (31st December)ৰ নিশা ৰাজ্যত সংগঠিত হয় একাধিক পথ দুৰ্ঘটনা । সেইবাবে এই বছৰ পোন প্ৰথমবাৰৰ বাবে "দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰ" পালন কৰাৰ প্ৰয়াস গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । মূখ্যমন্ত্ৰীৰ 'দুৰ্ঘটনা মুক্ত ৩১ ডিচেম্বৰক' সম্মুখত ৰাখি ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰস্তুতি আৰম্ভ কৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ।

    ৰাজ্যৰ আন জিলাৰ সমান্তৰালকৈ আজি হাইলাকান্দি (Hailakandi) জিলাতো পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগে চলায় এক বিশেষ অভিযান । হেলমেট বিহীন দুচকীয়া বাহনৰ আৰোহী আৰু সুৰাপান কৰা চালকৰ বিৰুদ্ধে চলোৱা হয় এই অভিযান । এই উপলক্ষে আজি সন্ধিয়া হাইলাকান্দি পুৰণি হাস্পতাল চাৰিআলিত চলোৱা অভিযানত উপস্থিত থাকে স্বয়ং জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা আৰু আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায় । ইপিনে, হেলমেট নথক‍া বাইক আৰোহী সকলোক জৰিমনা বিহাৰ লগতে বিনামূল্যে একোটাকৈ হেলমেট (Free Helmet) উপহাৰ দিয়ে হাইলাকান্দি জিলা প্ৰশাসনে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    উল্লেখ্য যে ৰাজপথত দুৰ্ঘটনা ৰোধৰ বাবে সস্তম হৈছে আৰক্ষী-প্ৰশাসন।
    Published by:Manjumoni Borah
    First published: