হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সাফল্য। চুৰি হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ ২০ লাখ টকাৰ মোবাইল। লগতে গ্ৰেপ্তাৰ দুই চোৰক। যোৱা ৪ মাৰ্চৰ নিশা হাইলাকান্দি চহৰৰ নেতাজী সুভাষ ৰোডৰ এখন ব্যবসায়িক প্ৰতিষ্ঠানৰ পৰা চুৰি হৈছিলে প্ৰায় ২৫ লাখ টকাৰ মোবাইল ফোন। অতি কৌশলেৰে দুই চোৰে দোকানৰ পৰা চুৰি কৰিছিল এই বৃহৎ পৰিমাণৰ মোবাইল।
চিচিটিভিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কাপোৰ ঢাকি সোমাইছিল দুই চোৰ। কিন্তু ইমানৰ পিছতো সফল নহ’ল চোৰ। চিচিটিভিৰ দৃশ্যৰ ভিত্তিতে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই চোৰক। হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম পি দাওলাগাপুৰ নেতৃত্বত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱানিশা উদ্ধাৰ কৰে প্ৰায় ২০ লাখ টকা মূল্যৰ মোবাইল ফোন। লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই চোৰক। গ্ৰেপ্তাৰ হোৱা চোৰ দুটাক বতৰ্মানে সোধা–পোছা চলাই আছে হাইলাকান্দি আৰক্ষীয়ে।