உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধায়কৰ হেঁচাত আৰক্ষীয়ে এৰি দিয়া দালালক আকৌ গ্ৰেপ্তাৰ হাইলাকান্দিত, জিলাখনত এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জনক

    বিধায়কৰ হেঁচাত আৰক্ষীয়ে এৰি দিয়া দালালক আকৌ গ্ৰেপ্তাৰ হাইলাকান্দিত, জিলাখনত এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জনক

    এতিয়ালৈকে হাইলাকান্দিত অব্যাহত আছে আৰক্ষীৰ দালাল বিৰোধী অভিযান।

    এতিয়ালৈকে হাইলাকান্দিত অব্যাহত আছে আৰক্ষীৰ দালাল বিৰোধী অভিযান।

    এতিয়ালৈকে হাইলাকান্দিত অব্যাহত আছে আৰক্ষীৰ দালাল বিৰোধী অভিযান।

    • Share this:
    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ হেঁচাত আৰক্ষীয়ে এৰি দিয়া দুই দালাল আকৌ গ্ৰেপ্তাৰ। মঙলবাৰে নিশা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নিৰ্দেশত আকৌ গ্ৰেপ্তাৰ কৰা হয় দুই দালাল ছৰফ উদ্দিন বড়ভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰক। বিধায়ক নিজাম উদ্দিনে দুই দালালক মালা পিন্ধাই নিয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে আকৌ গ্ৰেপ্তাৰ কৰা হয় এই দুজনক।

    সোমবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত ১২ জনকৈ লোকক আটক কৰে। ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হয় ৪ জন ব্যক্তিক।

    আটকাধীন দালালসকলৰ ভিতৰত আছিলে ছৰফ উদ্দিন বড়ভূঞা নামৰ স্থানীয় এগৰাকী পঞ্চায়ত প্ৰতিনিধিও। নিশা এই সকলক থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি পুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। মাটিৰ দালালৰ পৰিৱৰ্তে নিৰ্দোষী ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় লোকে ঘেৰাও কৰে আলগাপুৰ আৰক্ষী চকী।

    তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও। তেওঁ থানাত আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন ব্যক্তিকবোৰক মুক্তি কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে। অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত পঞ্চায়ত সদস্য ছৰফ উদ্দিন বড়ভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুই ব্যক্তিক মুক্ত কৰি দিয়ে।

    কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত সৃষ্টি হয় উত্তেজনাৰ। পিছত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নিৰ্দেশত আকৌ গ্ৰেপ্তাৰ কৰা হয় দুই দালাল ছৰফ উদ্দিন বড়ভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰক।

    ইপিনে, এতিয়ালৈকে হাইলাকান্দিত অব্যাহত আছে আৰক্ষীৰ দালাল বিৰোধী অভিযান। সোমবাৰ নিশা ৭ গৰাকী দালালক গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি পুৱা আন ৭ গৰাকী দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    আনহাতে, হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে দুই দালালক এৰি দিয়াৰ পিছত আকৌ গ্ৰেপ্তাৰ কৰা প্ৰসংগত সংবাদ মাধ্যমৰ আগত কয়, তেওঁলোকৰ বিৰুদ্ধে প্ৰাথমিক তদন্তত কোন প্ৰমাণ নোপোৱাৰ বাবে যাবলৈ দিয়া হৈছিল। কিন্তু পিছত তথ্য–প্ৰমাণ পোৱাৰ পিছত আকৌ গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: