প্ৰলয়ংকৰী বানত হাইলাকান্দি জিলাত ক্ষতিগ্ৰস্ত হোৱাসকলৰ তালিকা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছে । ক্ষতিগ্ৰস্তৰ তালিকা মূখ্যমন্ত্ৰীক প্ৰেৰণ কৰা হ'ব আৰু অহা ১৫ আগষ্টৰ ভিতৰতে সকলো ক্ষতিগ্ৰস্তক চৰকাৰী সাহায্য প্ৰদান কৰা হব: মন্ত্ৰী পৰিমল শুক্লবৈদ্য

প্ৰলয়ংকৰী বানত হাইলাকান্দি জিলাত ক্ষতিগ্ৰস্ত হোৱাসকলৰ তালিকা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছে । তালিকা পুনৰ পৰীক্ষা কৰাৰ কামো সম্পূৰ্ণ হৈছে । ইতিমধ্যেই ক্ষতিগ্ৰস্তৰ তালিকা মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰা হ'ব । আৰু অহা ১৫ আগষ্টৰ ভিতৰতে সকলো ক্ষতিগ্ৰস্তক চৰকাৰী সাহায্য প্ৰদান কৰা হব ।
বুধবাৰে হাইলাকান্দিত উজ্জ্বল ভাৰত, উজ্জ্বল ভবিষ্যত শীৰ্ষক এক অনুষ্ঠানত যোগদান কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগতে এই মন্তব্য কৰে ৰাজ্যৰ পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । তেওঁ বিজেপি চৰকাৰৰ দিনত ৰাজ্য তথা গোটেই দেশত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হৈছে বুলিও মন্তব্য কৰে । লগতে বৰ্তমান ৰাজ্য চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই ৰাজ্যৰ সকলো বিদ্যুৎ সমস্যাৰ সমাধান হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|