• Home
  • »
  • News
  • »
  • assam
  • »
  • ব্যক্তিগত গুদামত বন্যাৰ্তৰ বাবে অহা সামগ্ৰী ! হাইলাকান্দিত ৪ চৰকাৰী কৰ্মচাৰীসহ গ্ৰেপ্তাৰ ৬ জন ...

ব্যক্তিগত গুদামত বন্যাৰ্তৰ বাবে অহা সামগ্ৰী ! হাইলাকান্দিত ৪ চৰকাৰী কৰ্মচাৰীসহ গ্ৰেপ্তাৰ ৬ জন ...

ব্যক্তিগত গুদামত বন্যাৰ্তৰ সামগ্ৰী লুকুমাই ৰখাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ ৬ ব্যক্তি । যাৰ ভিতৰতে আছে মণ্ডল আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মীসহ মুঠ ৪ গৰাকী চৰকাৰী কৰ্মচাৰী ।

ব্যক্তিগত গুদামত বন্যাৰ্তৰ সামগ্ৰী লুকুমাই ৰখাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ ৬ ব্যক্তি । যাৰ ভিতৰতে আছে মণ্ডল আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মীসহ মুঠ ৪ গৰাকী চৰকাৰী কৰ্মচাৰী ।

ব্যক্তিগত গুদামত বন্যাৰ্তৰ সামগ্ৰী লুকুমাই ৰখাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ ৬ ব্যক্তি । যাৰ ভিতৰতে আছে মণ্ডল আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মীসহ মুঠ ৪ গৰাকী চৰকাৰী কৰ্মচাৰী ।

  • Share this:
ব্যক্তিগত গুদামত বন্যাৰ্তৰ সামগ্ৰী লুকুমাই ৰখাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ ৬ ব্যক্তি । যাৰ ভিতৰতে আছে মণ্ডল আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মীসহ মুঠ ৪ গৰাকী চৰকাৰী কৰ্মচাৰী । চক্ৰ বিষয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ৬ গৰাকী ব্যক্তিক । বন্য‍াৰ্তৰ সামগ্ৰী সমূহ বিতৰণ কৰাৰ পৰিবৰ্তে নিজৰ ব্যক্তিগত গুদামত লুকুমাই ৰখাৰ অভিযোগ ।

যোৱা ১১ দিনৰ পৰ‍া বলীয়া বানে বিধ্বস্ত কৰে বৰাক উপত্যকাৰ তিনি জিলা । চাৰিওফালে খাদ্য আৰু খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে । চৰকাৰৰ সমান্তৰাল বিভিন্ন বেচৰকাৰী দল সংগঠনে দিন ৰাতি এক কৰি এই সকল নিৰুপায় লোকৰ বাবে কাম কৰিছে । কিন্তু একাংশ মধ্যভোগীয়ে এই দুৰ্যোগৰ মাজতো আৰম্ভ কৰিছে কেলেংকাৰী ।

হাইলাকান্দি আৰক্ষীয়ে আজি আলগাপুৰ বাজাৰ এলাকাৰ এটা ব্যক্তিগত গুদামৰ পৰা উদ্ধাৰ কৰে ১৩ বস্ত‍া চাউল, ৭ বস্তা ডাইলসহ আন কিছু নিত্য প্ৰয়োজনীয় সামগ্ৰী । বান বিধ্বস্ত আলগাপুৰৰ বিভিন্ন এলেকাৰ বণ্টন কৰাৰ বাবে দিয়া হৈছিল এই সামগ্ৰী । কিন্তু বানাক্ৰান্ত সকলোক বিতৰণ নকৰি এটা ব্যক্তিগত গুদামত লুকুমাই ৰাখিছিলে এই সামগ্ৰী সমূহ । স্থানীয় ৰাইজে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ কৰাৰ পিছতে আৰক্ষীয়ে আলগাপুৰৰ চক্ৰ বিষয়াৰ সৈতে ঘটনাস্থলীত উপস্হিত হৈ উদ্ধাৰ কৰে এই সামগ্ৰী সমূহ । লগতে চক্ৰ বিষয়াৰ দিয়‍া গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰ লগতে জড়ীত ৬ গৰাকী ব্যক্তিক । যাৰ মাজতে আছে ৪ গৰাকী চৰকাৰী কৰ্মচাৰীও ।

গ্ৰেপ্তাৰ হোৱা ব্যক্তি সকল হ'ল মণ্ডল আব্দুল ৰহিম বড়ভূঞা, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মী ফয়েজ উদ্দিন চৌধুৰী, বিএলও ছেলিম উদ্দিন লস্কৰ, কৰ সংগ্ৰহক ফয়েজ উদ্দিন চৌধুৰী, গুদামৰ গৰাকী ছৰিফ উদ্দিন বড়ভূঞা আৰু গাওঁ পঞ্চায়ত সভ‍াপতিৰ প্ৰতিনিধি মতিউৰ ৰহমান লস্কৰ । এওঁলোকক গ্ৰেপ্তাৰ কৰি বৰ্তমানে হাইলাকান্দি সদৰ থানাত লৈ আহিছে আৰক্ষীয়ে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি