হাইলাকান্দিৰ মাটিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শতাধিক লোকে বৰ্তমানে নিজ ঘৰ এৰি আশ্ৰয় লৈছে। কিন্তু ২৪ ঘন্টা সময় অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনে এই লোকসকলক কোনো খাদ্য সামগ্ৰী নিদিয়াৰ অভিযোগ ।
হাইলাকান্দিৰ মাটিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শতাধিক লোকে বৰ্তমানে নিজ ঘৰ এৰি আশ্ৰয় লৈছে। কিন্তু ২৪ ঘন্টা সময় অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনে এই লোকসকলক কোনো খাদ্য সামগ্ৰী নিদিয়াৰ অভিযোগ ।
ৰাজ্যত অব্যাহত আছে বান বিভীষিকা, চৌদিশে জলবন্দী জনতাৰ হাহাকাৰ। ৰাজ্যৰ আন জিলা সমূহৰ সমন্তৰালকৈ হাইলাকান্দি জিলাতো অব্যাহত আছে বিধ্বংসী বানৰ তাণ্ডৱ । হাইলাকান্দি জিলাৰ মাটিজুৰি এলেকাত কাটাখাল নৈ'ৰ আংকাই লংকাই মথাউৰি ছিঙাৰ ফলতে ইতিমধ্যে প্লাবিত হৈছে এই এলেকাৰ প্ৰায় ২০ খনৰো অধিক গাওঁ । যাৰ ভিতৰতে আছে কালাছেৰা, সুদৰ্শনপুৰ, বৰবন্দ, বাশডহৰ আদি গাঁও । লগতে এতিয়াও জলবন্দী হৈ আছে এই সমূহ গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়াল ।
ইপিনে, এই এলেকাৰ শতাধিক লোকে বৰ্তমানে নিজ ঘৰ এৰি আশ্ৰয় লৈছে স্থানীয় মাটিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত । কিন্তু আশ্ৰয় লোৱাৰ প্ৰায় ২৪ ঘন্টা সময় অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনে এই লোকসকলক কোনো সাহায্য নিদিয়াৰ অভিযোগ । যোৱা ২৪ ঘন্টাৰ পৰা অনাহাৰে দিন কটাইছে এই সকল বানাক্ৰান্তই । কিন্তু এতিয়ালৈকে জিলা প্ৰশাসন বা স্থানীয় জন প্ৰতিনিধি কোনোৱেও খবৰ লোৱা নাই বুলি কৈছে এইসকল লোকে।