• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত বন বিভাগৰ উচ্ছেদ অভিযান ! সংৰক্ষিত বনাঞ্চল এলেকাৰ পৰা উচ্ছেদিত ২০টা পৰিয়াল ...

হাইলাকান্দিত বন বিভাগৰ উচ্ছেদ অভিযান ! সংৰক্ষিত বনাঞ্চল এলেকাৰ পৰা উচ্ছেদিত ২০টা পৰিয়াল ...

শনিবাৰে ৰাতিপুৱাৰ পৰা শতাধিক আৰক্ষীৰ উপস্থিতিত সংৰক্ষিত বনাঞ্চল এলেকাত নিৰ্মাণ কৰা ঘৰসমূহ ভঙা আৰম্ভ কৰে হাইলাকান্দি প্ৰশাসন আৰু বন বিভাগে ।

  • Share this:
হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ বৰুনছেৰাত আজিৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ শনিবাৰে ৰাতিপুৱাৰ পৰা শতাধিক আৰক্ষীৰ উপস্থিতিত সংৰক্ষিত বনাঞ্চল এলেকাত নিৰ্মাণ কৰা ঘৰসমূহ ভঙা আৰম্ভ কৰে হাইলাকান্দি প্ৰশাসন আৰু বন বিভাগে ।

পুৱা ১১ বজাৰ পৰা অসম মিজোৰাম সীমান্তবৰ্তী এই এলেকাত থকা ঘৰবোৰ ভাঙি দিয়াৰ লগতে তামোল-নাৰিকল আদি গছ কাটি পেলায় বন বিভাগৰ লোকসকলে ।আজিৰ এই উচ্ছেদত এতিয়ালৈকে প্ৰায় ২০ টা পৰিয়ালে বসতি কৰা বাসগৃহ ভাঙি দখলমুক্ত কৰিছে সংৰক্ষিত বনাঞ্চল এলেকাত । লগতে থকা আন ভূমি সমূহো বেদখলমুক্ত কৰা হ'ব বুলি জনাইছে হাইলাকান্দি বন বিভাগে । ইপিনে, কিছু পৰিয়ালে বন বিভাগৰ পৰা ভূমি দখল মুক্ত কৰাৰ জাননী লাভ কৰিছিল যদিও, তথাপি অধিকাংশ লোকে এই জাননী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । আনহাতে ৰাইজৰ দলৰ হাইলাকান্দি জিলা সভাপতি জহিৰ উদ্দিন লস্কৰে এই ভূমিহীন লোকসকলক মানৱীয়তাৰ দৃষ্টিৰে চোৱাৰ বাবে চৰকাৰক আহ্বান জনাইছে । লগতে তেওঁ লোকসকলক উচ্ছেদিত কৰাৰ পূৰ্বে সঠিকভাবে জাননী দি কিছু সময় প্ৰদান কৰাৰো দাবী জনাইছে তেওঁ ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি