ঊৰ্ধতন কৰ্তৃপক্ষক অৱগত নকৰাকৈ বহিৰাজ্যলৈ প্ৰমোদ ভ্ৰমণলৈ গৈ বিপদত পৰিল হাইলাকান্দিৰ জিলা পৰিবহণ বিষয়া (DTO) অপু মজুমদাৰ । কৰ্তব্যৰ ঘোৰ অৱহেলাৰ বাবে তেওঁক নিলম্বিত কৰাৰ নিৰ্দেশ দিছে পৰিবহণ বিভাগৰ সচিব আদিল খানে । যোৱা ১৫ জুনত বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি অবিহনে জিলা সদৰ ত্যাগ কৰাৰ অভিযোগত অপু মজুমদাৰক নিলম্বিত কৰি তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে সচিব আদিল খানে।
পৰিবহণ বিষয়া মজুমদাৰে যোৱা ১৫ জুনৰ পৰা জিলা প্ৰশাসনৰ অনুমতি অবিহনে হাৰিয়ানাৰ গুৰুগ্ৰাম (Gurugram) ভ্ৰমণলৈ গৈছিল বুলি হাইলাকান্দি (Hailakandi)ৰ তদানীন্তন উপায়ুক্ত ৰোহন কুমাৰ ঝাই পৰিবহণ বিভাগৰ কৰ্তৃপক্ষক অৱগত কৰাইছিল । আৰু ইয়াৰ পিছতেই পৰিবহণ বিভাগে তেওঁৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰে ।
ইফালে, পৰিবহণ সচিব আদিল খানে হাইলাকান্দিৰ জিলা পৰিবহণ কাৰ্যালয় চলাবলৈ সহকাৰী আয়ুক্ত পদবীৰ এজন বিষয়া নিযুক্ত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে । উল্লেখ্য যে যোৱা বছৰ কৰিমগঞ্জ জিলাত কৰ্মৰত থকা সময়ত কয়লা কেলেংকাৰী আৰু ওভাৰলোড চক্ৰৰ লগতে জৰিত থকাৰ অভিযোগত নিলম্বিত হৈছিল পৰিবহণ বিষয়া অপু মজুমদাৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|