মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ! হাইলাকান্দিত গ্ৰেপ্তাৰ ৭৭ গৰাকী ...

Child Marriage: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ! হাইলাকান্দিত গ্ৰেপ্তাৰ ৭৭ গৰাকী ...

হাইলাকান্দি জিলাত চলা অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ ৭৭ গৰাকী ব্যক্তিক । যাৰ ভিতৰত আছে এগৰাকী মহিলাও । লগতে আৰক্ষীয়ে ৰজু কৰিছে বাল্য বিবাহ সংক্ৰান্ত ৯৯টা গোচৰ ।

হাইলাকান্দি জিলাত চলা অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ ৭৭ গৰাকী ব্যক্তিক । যাৰ ভিতৰত আছে এগৰাকী মহিলাও । লগতে আৰক্ষীয়ে ৰজু কৰিছে বাল্য বিবাহ সংক্ৰান্ত ৯৯টা গোচৰ ।

  • Share this:
ৰাজ্যৰ আন জিলাৰ সমান্তৰাল হাইলাকান্দি জিলাতো অব্যাহত আছে আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান । শুকুৰবাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে জিলাৰ বিভিন্ন প্ৰান্তত মাৰাথন অভিযান চলায় আৰক্ষীয়ে ।

জিলাখনত চলা এই অভিযানত হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ ৭৭ গৰাকী ব্যক্তিক । যাৰ ভিতৰত আছে এগৰাকী মহিলাও । লগতে আৰক্ষীয়ে ৰজু কৰিছে বাল্য বিবাহ সংক্ৰান্ত ৯৯টা গোচৰ । হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাসে দিয়া তথ্য অনুসৰি জিলাৰ সদৰ থানাত ১৫টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে ৮ গৰাকী ব্যক্তিক, লালা থানাত ২০টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ  হৈছে ১৯ গৰাকী, কাটলিছেৰাত ১৬টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ ৫, আলগাপুৰত ১৬টা গোচৰত গ্ৰেপ্তাৰ হৈছে ১১ গৰাকী, পাচগ্ৰামত ১০টা গোচৰত গ্ৰেপ্তাৰ ১৬ গৰাকী, ৰামনাথপুৰত ১৫টা গোচৰৰ বিপৰীতে আটক ১৩ গৰাকী আৰু বিলাইপুৰ থানাত ৭খন গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছে ৫ গৰাকী ব্যক্তি । ইপিনে, আৰক্ষীৰ বাল্য বিবাহ বিৰোধী এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি জনাইছে আৰক্ষী বিষয়া গৰাকীয়ে ।

শেহতীয়া বাতৰি