• Home
  • »
  • News
  • »
  • assam
  • »
  • কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোঁজ অসমৰ যুৱক, বন্ধ হৈ আছে ম’বাইল ফোন

কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোঁজ অসমৰ যুৱক, বন্ধ হৈ আছে ম’বাইল ফোন

তিনিমাহ আগতে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন।

তিনিমাহ আগতে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন।

তিনিমাহ আগতে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন।

  • Share this:
কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোঁজ অসমৰ যুবক। মহাৰাষ্ট্ৰৰ পুনে চহৰৰ পৰা নিখোঁজ হৈছে হাইলাকান্দিৰ এজন যুবক। নাম আনাম উদ্দিন লস্কৰ। ঘৰ হাইলাকান্দি জিলাৰ ৰাজ্যেশ্বেপুৰ দ্বিতীয় খণ্ড গাঁৱত। তিনিমাহ আগতে আন ৮ যুবকৰ সৈতে পুনেলৈ গৈছিল আনাম উদ্দিন।

হাইলাকান্দি জিলাৰ লালা এলেকাৰ ৰাজ্যেশ্বৰপুৰ দ্বিতীয় খণ্ড গাঁৱৰ আনাম উদ্দিন লস্কৰ (Anam Uddin Laskar ) নামৰ এজন যুবক যোৱা তিনিমাহ আগতে গাঁৱৰে আন ৮ গৰাকী যুবকৰ সৈতে মহাৰাষ্ট্ৰৰ ( Maharashtra ) পুনে (PUNE) চহৰত এটা কোম্পানীত যোগ দিয়াৰ বাবে গৈছিল। গাঁৱৰে কাজল উদ্দিন লস্কৰ ( Kajal Uddin Laskar) নামৰ এজন লোকে কৰ্মসংস্থাপন দিয়াৰ আশ্বাস দি এই যুৱককেইজনে লৈ গৈছিল। কিন্তু এই ৯ যুৱকৰ ভিতৰত আন ৮ যুৱক ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি আহিছে।

কিন্তু একেখন গাঁৱৰ আনাম উদ্দিন লস্কৰ আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই। লগতে এতিয়ালৈকে যুৱকজনৰ সৈতে কোন যোগাযোগো কৰিব পৰা নাই পৰিয়ালৰ লোকে। যোৱা ৭ অক্টোবৰৰ পৰা তেওঁৰ মোবাইল ফোন  বন্ধ থকাৰ বাবে আজিলৈকে পৰিয়ালৰ যোগাযোগ সম্ভৱ হোৱা নাই।

ইতিমধ্যে আনাম উদ্দিনৰ পৰিয়ালৰ লোকে হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত কাজল উদ্দিন লস্কৰৰ লগতে আৰু দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে ৰাজ্য চৰকাৰ তথা হাইলাকান্দি প্ৰশাসনৰ ওচৰত আনাম উদ্দিন লস্কৰক সুস্থ শৰীৰে নিজৰ পৰিয়ালৰ হাতত তুলি দিয়াৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
Published by:Sanjay Kumar Das
First published: