‘অবড়োৰ গাত হাত দিলেই থাইলেণ্ড-ম্যানমাৰলৈ যাব লাগিব হাগ্ৰামা’

বড়ো–অবড়োৰ ৰাজনীতিক লৈ গৰম হৈ পৰিছে কোকৰাঝাৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু জাতীয় ঐক্যমঞ্চ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মাজত তুংগত উঠিছে বাকযুদ্ধ।

news18assam
Updated:April 20, 2019, 10:18 AM IST
‘অবড়োৰ গাত হাত দিলেই থাইলেণ্ড-ম্যানমাৰলৈ যাব লাগিব হাগ্ৰামা’
বড়ো–অবড়োৰ ৰাজনীতিক লৈ গৰম হৈ পৰিছে কোকৰাঝাৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু জাতীয় ঐক্যমঞ্চ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মাজত তুংগত উঠিছে বাকযুদ্ধ।
news18assam
Updated: April 20, 2019, 10:18 AM IST
অবড়োৰ গাত হাত দিলেই হাগ্ৰামা মহিলাৰী থাইলেণ্ড, ম্যানমাৰলৈ যাব লাগিব। এই হুংকাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত নৱ শৰণীয়াই কয় – নৱ শৰণীয়াৰ বাবেহে বড়োলেণ্ড সম্ভৱ হোৱা নাই। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই ভুমি পট্টাক লৈ ভোট বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে শৰণীয়াই।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী। বড়ো–অবড়োৰ ৰাজনীতিক লৈ গৰম হৈ পৰিছে কোকৰাঝাৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু জাতীয় ঐক্যমঞ্চ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মাজত তুংগত উঠিছে বাকযুদ্ধ।

মই কেতিয়াও জাতি–ধৰ্মৰ নামত ৰাজনীতি নকৰো। সংবাদমেলত এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ। দুদিন পূৰ্বে হাগ্ৰামা এণ্ড প্ৰমীলা কোম্পানীয়ে আমাক ভাবুকি দিছে বুলিও অভিযোগ শৰণীয়াৰ।

ইপিনে, AIUDF আৰু UPPLৰ মিত্ৰতাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ নৱ শৰণীয়া। UPPLক সমৰ্থন জনোৱা আজমলক অবড়ো ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী সাংসদগৰাকীৰ। আজমল যদি প্ৰকৃত ধৰ্মীয় সংখ্যালঘু হয় UPPLৰ পৰা আঁতৰি আহি ক্ষমা বিচাৰক ৰাইজক।

ইফালে, কোকৰাঝাৰ সংসদীয় সমষ্টিত নৱ শৰণীয়া কোনো ফেক্টৰেই নহয় বুলি মন্তব্য কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। পূৰ্বেও হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টিত বিপিএফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম বিজয়ী হ’ব বুলি দাবী কৰিছিল হাগ্ৰামাই।

 
আৰু চাওক পৰৱৰ্তী বাতৰি