দেওবাৰে আবেলি গোসাঁইগাঁও বিধানসভা সমষ্টিৰ হাউৰিয়াপেট অঞ্চলত বিপিএফৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত প্ৰচাৰ সভাত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি মন্তব্য কৰে এইদৰে– ''হাউৰিয়াপেটৰ বিপিএফৰ নিৰ্বাচনী সভাত আহি অনুভৱ হৈছে আমি জিকিম। কাৰণ হাউৰিয়াপেট অঞ্চলটো সংখ্যালঘু বসতিপ্ৰধান অঞ্চল। যথেষ্ট সংখ্যালঘু মানুহ আজিৰ সভাত উপস্থিত আছে গতিকে আমি জিকিম। বিটিচি অঞ্চলৰ কাৰণে শুভ চিন্তা কৰা এটাই মাত্ৰ দল আছে সেয়া হ'ল বিপিএফ।''
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয়, ''প্ৰমোদ বড়োৰ বিষয়ে উত্তৰ দিয়া মানুহ মই নহয়। বেলেগ কিবা কথা থাকিলে সুধিব পাৰে। বিটিচিত যদি শান্তি ঘূৰি আহিছে এন এল এফ বি বা আন সংগঠনৰ কেনেকৈ জন্ম হ'ল। আমি সোতৰ বছৰ শাসন কৰিছোঁ বিটিচিত, কিন্তু এনেদৰে সংগঠনৰ জন্ম হোৱা নাছিল। বিটিচিত বিপিএফ চৰকাৰ থকাৰ সময়ত শান্তি আছিল কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগেই বিটিচিত অশান্তি আহিল, এইটোৱেই প্ৰমাণ। প্ৰমোদ বড়ো ৰাইজক দিয়া মানুহ নহয় লোৱা মানুহহে।''
বিটিচিৰ শান্তিৰ স্বাৰ্থত, বিটিচিৰ উন্নতিৰ স্বাৰ্থত, বিটিচিক বচোৱাৰ স্বাৰ্থত সকলো জাতি–জনগোষ্ঠীয়ে একলগ হৈ কাম কৰাৰ কথা উল্লেখ কৰি মহিলাৰীয়ে বিপিএফৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনায়।
উল্লেখ্য, ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটাকৈ বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|