১৬১৫জন NDFBক সংস্থাপনৰ বাবে তিনিশ কোটি টকা, গাইপতি কিমানকৈ পাব এজনে?

News18 Assam | News18-Assam
Updated:February 10, 2020, 8:20 PM IST
১৬১৫জন NDFBক সংস্থাপনৰ বাবে তিনিশ কোটি টকা, গাইপতি কিমানকৈ পাব এজনে?
প্ৰাক্‌ নিৰ্বাচনী বতৰত BTC মূৰব্বী হাগ্ৰামা মহিলাৰীৰ ঘোষণা

প্ৰাক্‌ নিৰ্বাচনী বতৰত BTC মূৰব্বী হাগ্ৰামা মহিলাৰীৰ ঘোষণা

  • Share this:
চুক্তিৰ পিছত কি কৰিব NDFBৰ নেতা-কেডাৰ সকলে? ৰাজনৈতিক দল গঠন হ'লে ৰাজনীতিৰ পথাৰলৈ ঢাপলি মেলিব একাংশই ৷ কিন্তু সকলোৰে বাবে ৰাজনীতি পথাৰখন সহজ নহ'ব ৷ তাতে BTCৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহহে বাকী ৷

ইয়াৰ মাজতে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৰি দিলে এক ঘোষণা ৷ NDFBৰ নেতা-কেডাৰৰ সংস্থাপনৰ বাবে খৰছ কৰিব তিনিশ কোটি টকা ৷ চৰকাৰী তথ্য মতে বিগত ত্ৰিশ জানুৱাৰীত গুৱাহাটীত অস্ত্ৰ সম্বৰণ কৰিছিল NDFBৰ চাৰিওটা গোটৰ ১৬১৫জন নেতা-কেডাৰে ৷ এই হিচাপত যদি তিনি কোটি টকা সংস্থাপনৰ নামত খৰছ কৰা হয়, তেন্তে একোজন কেডাৰে পাব ১৮ লাখ ৫৭ হাজাৰকৈ টকা ৷

সোমবাৰে কোকৰাঝাৰত ১৮ সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে আয়োজিত  এক অনুষ্ঠানত BTCৰ মূৰব্বী মহিলাৰীয়ে এই ঘোষণা কৰাৰ সময়ত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মহিলাৰীয়ে ক'লে, “কেন্দ্ৰীয় চৰকাৰে তিনি বছৰৰ বাবে আগবঢ়াব লগীয়া মুঠ পোন্ধৰ হাজাৰ কোটি টকাৰে তিনিশ কোটি টকা আমি NDFBৰ সদস্যৰ সংস্থাপনৰ বাবে খৰছ কৰিম ৷ চিন্তা কৰিব নালাগে, পৰিষদৰ নিৰ্বাচন আহি আছে আৰু আমি পুনৰ জিকিম এই নিৰ্বাচন ৷ BJP, AGP, BPFৰ মিত্ৰজোটেই চৰকাৰ গঠন কৰিম ৷ সেয়ে চিন্তা কৰিব নালাগে ৷ আমি তিনিশ কোটিৰে সংস্থাপন দিম NDFBসকলক ৷”

‘মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছো যে অতি সোনকালে NDFBৰ নেতা-কেডাৰ সকলৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰৰ ব্যৱস্থা কৰক ৷ CBI, NIA, TADA যি যি গোচৰেই নাথাকক কিয়, বড়োভূমিৰ স্থায়ী শান্তিৰ স্বাৰ্থত গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগে,” এনেদৰে মুখ্যমন্ত্ৰীক আহ্বান জনাই BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি