মুখ্যপৃষ্ঠা »খবৰ »অসম »Hagrama Mohilary : ''আমাৰ দিনত নিৰ্মিত সচিবালয়, বড়োলেণ্ড গেষ্ট হাউছত বহি মোকে উন্নয়ন নকৰা বুলি গালি পাৰে প্ৰমোদ বড়োৱে'' -মুখ খুলিছে বিপিএফ দলপতিয়ে

Hagrama Mohilary : ''আমাৰ দিনত নিৰ্মিত সচিবালয়, বড়োলেণ্ড গেষ্ট হাউছত বহি মোকে উন্নয়ন নকৰা বুলি গালি পাৰে প্ৰমোদ বড়োৱে'' -মুখ খুলিছে বিপিএফ দলপতিয়ে

Mushalpur Hagrama Digital Story

Mushalpur Hagrama Digital Story

Mushalpur Hagrama Digital Story

  • Share this:
মুখ খুলিছে বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিত শান্তি, প্ৰগতি আৰু উম্নয়নৰ বাবে এক পদযাত্ৰাত অংশ লৈ প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰী।

প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি মহিলাৰীয়ে কয় যে বড়ো জাতিক ধ্বংস কৰিছে প্ৰমোদ বড়োৱে ৷ পৃথক বড়োলেণ্ডৰ নামত বড়ো ৰাইজক ঠগাইছে প্ৰমোদ বড়োৱে ৷ বড়োসকলক প্ৰৱঞ্চনা কৰা প্ৰমোদ বড়োৱে অন্যান্য জাতি- জনগোষ্ঠীৰ কি উন্নয়ন কৰিব বুলিও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বনমালী বড়োৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে কয়- ''বিগত তিনি বছৰে বিটিচি অঞ্চলৰ উন্নয়ন হ'ব বুলি আশা কৰিছিলোঁ ৷ পিচে একো নহ' ল ৷ বিটিচিটো ধ্বংস হ'বলৈ দিব নোৱাৰি ৷ সেয়ে পুনৰ ওলাই আহিছোঁ ৷ আমি পূৰ্বৰ দৰে দলীয় কাম-কাজ কৰিম ৷''

সভাত অংশ লৈ মহিলাৰীয়ে বৰ্তমানৰ বিটিচি পৰিষদক সমালোচনা কৰি পুনৰ কয়- ''আমাৰ দিনত নিৰ্মাণ কৰা বিটিচিৰ সচিবালয়, বড়োলেণ্ড গেষ্ট হাউছত বহি মোকে একো উন্নয়ন নকৰা বুলি গালি পাৰে প্ৰমোদ বড়োৱে ৷ আমাৰ দিনত উন্নয়ন হৈছে নে হোৱা নাই ৰাইজে জানে ৷ সেয়ে আজিও হাজাৰ হাজাৰ লোক ওলাই আহিছে ৷''

আগন্তুক লোকসভা নিৰ্বাচনতো বিপিএফ দলে কোকৰাঝাৰ আৰু ওদালগুৰিত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মহিলাৰীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে বাক্সা জিলাৰ বাগানপাৰাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পদযাত্ৰা কৰি টুপুলীয়াত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আজিৰ পদযাত্ৰাত বিপিএফ দলৰ প্ৰধান সম্পাদক মনেশ্বৰ ব্ৰহ্ম,  প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাচাত্‍ নাৰ্জাৰীৰ লগতে কেইবাটাও জনগোষ্ঠীয় দলৰ নেতা- কৰ্মী উপস্থিত আছিল।

শেহতীয়া বাতৰি