হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলিও অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে।
হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলিও অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে।
হিমন্ত–হাগ্ৰামাৰ বাকযুদ্ধত গৰম বিটিচিৰ ৰাজনৈতিক বতাহ। প্ৰতিখন নিৰ্বাচনী সভাতে ইজনে আনজনক কটু ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। চিৰাঙৰ বিজনীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ পুনৰ হিমন্ত বিশ্বক লক্ষ্য কৰি ল’লে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে। ক’লে – ‘হিমন্ত বিশ্ব আৰু মোক লাগি থাকিবলৈ দিয়ক। সোণোৱাল আৰু কিয় আহিব লাগে।’ আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত মানুহ কম হোৱা বাবে লজ্জিত বুলিও মন্তব্য কৰে হাগ্ৰামাই।
ইফালে, এইবাৰো বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰি মহিলাৰীয়ে বিটিচি নিৰ্বাচনত প্ৰচাৰ চলোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই লজ্জিত হোৱাৰ আগতে ১২ ডিচেম্বৰৰ পূৰ্বে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ আহ্বান জনায় ৷ হাগ্ৰামাই ক’লে – হিমন্ত য’ত আছে মই তাত নাই।
উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলিও অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনত জয়ী হ’লে বিটিচিৰ মানুহক মাটিৰ পট্টা দিয়াৰ কথাও ঘোষণা কৰে বিপিএফ প্ৰধান মহিলাৰীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|