ইমানুৱেল মুছাহাৰীক আদৰিবলৈ সাজু বিধায়ক ডাঃ নোমল মমিন, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:November 16, 2020, 2:19 PM IST
ইমানুৱেল মুছাহাৰীক আদৰিবলৈ সাজু বিধায়ক ডাঃ নোমল মমিন, কিন্তু কিয়?
বিজেপিত দ্বিতীয়জন খ্ৰীষ্টান ধৰ্মৰ বিধায়ক হ’ব তামুলপুৰৰ জনপ্ৰতিনিধি ইমানুৱেল মুছাহাৰী। 

বিজেপিত দ্বিতীয়জন খ্ৰীষ্টান ধৰ্মৰ বিধায়ক হ’ব তামুলপুৰৰ জনপ্ৰতিনিধি ইমানুৱেল মুছাহাৰী। 

  • Share this:
বিজেপিত দ্বিতীয়জন খ্ৰীষ্টান ধৰ্মৰ বিধায়ক হ’ব তামুলপুৰৰ জনপ্ৰতিনিধি ইমানুৱেল মুছাহাৰী। বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ পিছত এইবাৰ ইমানুৱেল মুছাহাৰী। সতীৰ্থ ইমানুৱেল মুছাহাৰীক আদৰিবলৈ সাজু হৈছে বিধায়ক ডাঃ নোমল মমিন। বিধায়ক নোমল মমিনে আশা কৰিছে যে ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানে শাসকীয় দলটোক আৰু অধিক শক্তিশালী কৰিব।

সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপিত যোগদান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাঃ নোমল মমিনে কয় যে সদায়েই ক্ষমতাত থাকিব বিচৰা হাগ্ৰামাই বিটিআৰত গাদী হেৰুৱাৰ পিছত বিজেপিত যোগ দিব। উল্লেখযোগ্য যে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে এবছৰ পূৰ্বৰে পৰা তেতিয়াৰ বিটিচি আৰু বৰ্তমান সময়ৰ বিটিআৰত বিজেপিয়ে পৰিষদ গঠন কৰাৰ দবী কৰি আহিছিল।
Published by: Sanjay Kumar Das
First published: November 16, 2020, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি