নিৰাপত্তাৰক্ষী এৰিলে হাগ্ৰামাই, প্ৰচণ্ড শীতত কঁপি কঁপি ঘৰৰ বাহিৰত ওৰেনিশা বোন্দাপৰ দিলে নিৰাপত্তাৰক্ষীৰ দলে

আধাঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াত হাগ্ৰামা মহিলাৰীৰ বাসগৃহত থকা নিৰাপত্তাৰক্ষীসকলে টালি-টোপোলা বান্ধি গড়কাপ্তানী পথলৈ ওলাই আহে আৰু ঊৰ্ধ্বতম বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে।
আধাঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াত হাগ্ৰামা মহিলাৰীৰ বাসগৃহত থকা নিৰাপত্তাৰক্ষীসকলে টালি-টোপোলা বান্ধি গড়কাপ্তানী পথলৈ ওলাই আহে আৰু ঊৰ্ধ্বতম বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে।
- News18 Assam
- Last Updated: December 22, 2020, 10:25 AM IST
হঠাৎ তেনেদৰে উলিয়াই দিয়াত নিশা প্ৰচণ্ড শীতত কঁপি কঁপি ৰাজপথতে বোন্দাপৰ দি থাকিবলগীয়া হয় নিৰাপত্তাৰক্ষীসকলে। নিৰাপত্তাৰক্ষী বিষয়াই সদৰি কৰা মতে, সদ্যহতে ২১ গৰাকী নিৰাপত্তাৰক্ষীয়ে হাগ্ৰামা মহিলাৰীক নিৰাপত্তা প্ৰদান কৰিছিল যদিও প্ৰশাসনে ইয়াৰে ১১ গৰাকী নিৰাপত্তাৰক্ষী ৰাখি বাকীখিনিক প্ৰত্যাহাৰ কৰাৰ আগতীয়া তথ্য লাভ কৰিয়ে হাগ্ৰামা মহিলাৰীয়ে সকলো নিৰাপত্তাৰক্ষীক বিদায় দিয়ে।
বিষয়টো ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হৈছে আৰু তেওঁলোকক আৰক্ষী নিৱেশলৈ নিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে যদিও আৰক্ষী নিৱেশৰ পৰা মাত্ৰ এখন বলেৰো গাড়ী পঠোৱা হৈছে বুলি সদৰি কৰে। অস্ত্ৰ-শস্ত্ৰ সহিতে ২১জন নিৰাপত্তাৰক্ষী, পালেং-বিচনা, বেডিং-পত্ৰ লৈ এখন বলেৰ'ত কেনেকৈ যাব পাৰি বুলিও বিষয়াগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।