‘পৰিষদীয় নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট হাগ্ৰামা ইন’ – নিৰ্বাচনী সভাত মন্তব্য বিটিচি প্ৰধানৰ

দুটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বিটিআৰ নিৰ্বাচনৰ দিন মঙলবাৰে ঘোষণা হোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে কয়, দুটা কিয় চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও বিজেপিয়ে জয়লাভ নকৰে৷
দুটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বিটিআৰ নিৰ্বাচনৰ দিন মঙলবাৰে ঘোষণা হোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে কয়, দুটা কিয় চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও বিজেপিয়ে জয়লাভ নকৰে৷
- News18 Assam
- Last Updated: November 18, 2020, 6:03 PM IST
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ২নং গুমা সমষ্টিৰ প্ৰাৰ্থী ৰহিন্দ্ৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি কুৰ্শাকাটী হাই স্কুল খেল পথাৰত হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷
মহিলাৰীয়ে ভাষণত কয় যে পৰিষদীয় নিৰ্বাচনৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট, হাগ্ৰামা ইন। পৰিষদীয় নিৰ্বাচৰ পিছত বিপিএফৰ দিছপুৰ চলো অভিযান।
‘‘হিমন্ত বিশ্ব শৰ্মাই মিছা মাতিছে। বিটিচিত এশ টকাৰো দুৰ্নীতি হোৱা নাই। নিৰ্বাচনৰ পিছত বিটিচি অঞ্চলত বসবাস কৰা সকলক মাটিৰ পট্টা দিয়া হ'ব। বিটিচিত কোনো কাৰণতে উচ্ছেদ অভিযান চলাবলৈ নিদিব বিপিএফে।’’ – এই মন্তব্য মহিলাৰীৰ।
বিজেপিয়ে বিটিচি দখলৰ বাবে দেখি থকা সপোন কেতিয়াও পুৰণ নহ'ব বুলি কয় হাগ্ৰামাই৷ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি হাগ্ৰামা মহিলাৰীয়ে কয়, বিটিচি অঞ্চলত হিমন্ত বিশ্ব শৰ্মাৰ কোনো কামেই নাই৷ ইয়াত তেখেতৰ দাদাগিৰিও নচলিব৷
নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি তেখেতে ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টীক সমালোচনাৰ লক্ষ্য কৰি লয়৷ বিজেপিৰ প্ৰলোভন আৰু ইউপিপিএলৰ বিভিন্ন জনগোষ্ঠী বিৰোধী স্থিতিক তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰি দীঘলীয়া ভাষণ আগবঢ়ায় হাগ্ৰামাই৷