‘‘বাথাৰে সৈতে সম্পৰ্ক আছে হাগ্ৰামা মহিলাৰীৰ’’ – চিৰাঙত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ। চিৰাঙ (Chirang)ৰ বাসুগাঁৱত চিদলী বিধানসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ ওচৰত হাগ্ৰামা মহিলাৰী আৰু বাথাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে তথ্য জমা দিয়া বুলি জানিবলৈ দিয়ে৷
ড° শৰ্মাই কয় যে হাগ্ৰামা (Hagrama Mahilary) আৰু বাথাৰ মাজত সম্পৰ্ক আছে৷ ইতিমধ্যে এই বিষয়ে তথ্যসহ নিৰ্বাচন আয়োগক আজি দাখিল কৰা হ’ব৷ কিছুদিন পূৰ্বে কোকৰাঝাৰত অস্ত্ৰ উদ্ধাৰ হোৱা বাহনৰ চালকৰ সৈতে হাগ্ৰামা মহিলাৰীৰ অহৰহ বাৰ্তালাপ চলি আছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ হোৱাটছএপত হোৱা এই বাতাৰ্লাপৰ তথ্য আমাৰ হাতত আছে বুলিও কয় ড০ শৰ্মাই৷ এই তথ্যৰ ভিত্তিত NIAক গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে নিৰ্বাচনৰ পূৰ্বেই অসম আৰক্ষীয়ে আবেদন জনাইছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷
ইফালে হাগ্ৰামা মহিলাৰীয়ে ঢাকাৰ মিউজিয়ামত ড০ শৰ্মাক ৰখা হ’ব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে হাগ্ৰামা আৰু আজমলে মিলি অসমীয়া, বঙালী, হিন্দীভাষীকে ধৰি সকলোকে ঢাকালৈ খেদি নিয়াৰ পৰিকল্পনা কৰিছে৷ গতিকে এই দুয়োজনৰ পৰিকল্পনা যাতে সফল হ’ব নোৱাৰে তাৰ বাবে সকলোকে একগোট হোৱা উচিত৷
আনহাতে গামোচা বিতৰ্ক লৈ অজিত ভূঞাৰ শেহতীয়া মন্তব্যক লৈ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অজিত ভূঞাৰ ধৰ্ম কি মোৰ সন্দেহ আছে। তেওঁ কনভাৰ্ট হৈয়ে ল’লে নেকি?’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 02, 2021, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|