বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত বাহিৰৰ পৰা মানুহ আহে। হাজিৰা দি আনে মানুহ। – হাগ্ৰামা মহিলাৰী
বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত বাহিৰৰ পৰা মানুহ আহে। হাজিৰা দি আনে মানুহ। – হাগ্ৰামা মহিলাৰী
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ২০নং মথনগুৰি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আখতাৰা বেগম আহমেদৰ হৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ঘোঁৰামাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত কয়, " আমাৰ বিজেপিৰ সৈতে মিত্ৰতা আছিল। এতিয়া ৰণজিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাইছে যে বিটিচিতেই হওক বা অসমতেই হওক বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব।"
বিটিচিৰ ফলাফলৰ ওপৰতহে বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা কৰাৰ কথা নিৰ্ভৰ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয়, " হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ মতেই আমি যোৱা মানুহ নেকি? তেওঁ নিজাববীয়াকৈ আমাৰ নিচিনা পাৰ্টী খোলকচোন। দেখুৱাই দিয়ক তেওঁৰ লগত কিমান মানুহ আছে , কিমান শক্তি আছে।"
‘‘বিটিচিত বিজেপিৰ নিৰ্বাচনী সভাত বাহিৰৰ পৰা মানুহ আহে। হাজিৰা দি আনে মানুহ। কাম কৰি যাব লাগে। ইয়াত বিৰোধী কৰি লাভ নাই। বিটিচি উন্নয়নৰ স্বাৰ্থত বিটিচি কেনেকৈ উন্নয়ন কৰিব লাগে তাৰ বাবেই আমি কাম কৰি আছো।" – ক’লে হাগ্ৰামা মহিলাৰীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|