বিশ্বজিত দৈমাৰী এবছুৰ বহিষ্কৃত আৰু ড০ হিমন্তবিশ্ব শৰ্মা আছুৰ পৰা বহিষ্কৃত নেতা হোৱাৰ বাবে দুয়োৰে চৰিত্ৰ একে বুলিও ভাষণ প্ৰসংগত মহিলাৰীয়ে কটাক্ষ কৰে৷
বিশ্বজিত দৈমাৰী এবছুৰ বহিষ্কৃত আৰু ড০ হিমন্তবিশ্ব শৰ্মা আছুৰ পৰা বহিষ্কৃত নেতা হোৱাৰ বাবে দুয়োৰে চৰিত্ৰ একে বুলিও ভাষণ প্ৰসংগত মহিলাৰীয়ে কটাক্ষ কৰে৷
প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে চাকৰি দিয়াৰ নামত নিবনুৱাৰ প্ৰায় চাৰি কোটি আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ৷ আনকি ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ দৈমাৰীয়ে বিজেপি যোগদান কৰা বুলি মন্তব্য কৰিছে মহিলাৰীয়ে৷ চিৰাঙৰ বিজনীত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিপিএফৰ মুৰব্বী মহিলাৰীয়ে চাকৰি দিয়াৰ নামত ধন লৈ বহু যুৱক–যুৱতীক বিশ্বজিৎ দৈমাৰীয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে৷
মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিৰাপত্তাৰ স্বাৰ্থত বিজেপিত যোগদানৰ লগতে নিবনুৱাৰ ধন সংগ্ৰহ কৰি আত্মৰক্ষাৰ বাবে বিজেপিলৈ গমন কৰা বুলিও সভাত মহিলাৰীয়ে মন্তব্য কৰে৷
আনহাতে, বিশ্বজিত দৈমাৰী এবছুৰ বহিষ্কৃত আৰু ড০ হিমন্তবিশ্ব শৰ্মা আছুৰ পৰা বহিষ্কৃত নেতা হোৱাৰ বাবে দুয়োৰে চৰিত্ৰ একে বুলিও ভাষণ প্ৰসংগত মহিলাৰীয়ে কটাক্ষ কৰে৷
ইফালে, দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ বাবে কোকৰাঝাৰত উপস্থিত হোৱাৰ সময়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ নিৰ্বাচনী পতাকা–বেনাৰ আদি আঁতৰাই পেলোৱা বুলিও সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে মহিলাৰীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|