உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাগ্ৰামা–হিমন্তৰ বাকযুদ্ধত গৰম বিটিচিৰ নিৰ্বাচনী বতাহ, কিয় হিমন্ত বিশ্বক ‘চাই ল’ম’ বুলি ক’লে হাগ্ৰামাই?

    হাগ্ৰামা–হিমন্তৰ বাকযুদ্ধত গৰম বিটিচিৰ নিৰ্বাচনী বতাহ, কিয় হিমন্ত বিশ্বক ‘চাই ল’ম’ বুলি ক’লে হাগ্ৰামাই?

    হিমন্ত বিশ্ব শৰ্মাই  বড়ো জাতিক ধ্বংস কৰিব বিচৰিছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছে৷

    হিমন্ত বিশ্ব শৰ্মাই  বড়ো জাতিক ধ্বংস কৰিব বিচৰিছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছে৷

    হিমন্ত বিশ্ব শৰ্মাই  বড়ো জাতিক ধ্বংস কৰিব বিচৰিছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছে৷

    • Share this:
    ‘হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিৎ দৈমাৰী একো একোজন খেদা খোৱা নেতা৷ বিশ্বজিৎ দৈমাৰী যেনেদৰে এবছুৰ পৰা খেদা খোৱাৰ পিছত বিপিএফ দলত আশ্ৰয় লৈছিল আৰু এতিয়া বিপিএফৰ পৰা গৈ বিজেপিত আশ্ৰয় লৈছে, একেদৰে হিমন্ত বিশ্ব শৰ্মায়ো আছু আৰু আলফাৰ পৰা খেদা খাই প্ৰথমে কংগ্ৰেছ দলত যোগদান কৰি এতিয়া বিজেপিৰ আশ্ৰয় লৈছে৷’ – বাক্সাৰ নিকাচিত ২৩নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালৰ হৈ প্ৰচাৰ চলাবলৈ আহি এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে৷

    সদ্য বিপিএফ ত্যাগী নেতা তথা বৰ্তমানৰ বিজেপি নেতা বিশ্বজিৎ দৈমাৰী সংক্ৰান্তত মহিলাৰীয়ে লগতে কয় যে বিশ্বজিৎ দৈমাৰী এজন ঘোচখোৰ নেতা৷ তেওঁ বাক্সাৰ ১৯৯৯ চনত নিযুক্ত শিক্ষকসকলৰ পৰা চাৰি কোটি এঘাৰ লাখ টকা ঘোচ লৈ টকা ঘূৰাই দিয়াৰ ভয়ত বিপিএফৰ পৰা বিজেপিলৈ গৈছে৷

    আনহাতে, হিমন্ত বিশ্ব শৰ্মাই  বড়ো জাতিক ধ্বংস কৰিব বিচৰিছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছে৷ কিন্তু মই থকালৈকে হিমন্তই বড়ো জনগোষ্ঠীৰ একো ক্ষতি  কৰিব নোৱাৰে৷ হিমন্ত বিশ্বক সকীয়নি দি হাগ্ৰামাই কয়, হিমন্তৰ কিমান সাহস আছে মই চাই ল’ম৷

    আনহাতে, বিটিচি অঞ্চলত মাটিৰ পত্তা দিয়া সংক্ৰান্তত মহিলাৰীয়ে কয় যে যি বিটিআৰ চুক্তিৰ জৰিয়তে বিটিচিৰ লাখ লাখ মানুহক উচ্ছেদ কৰাৰ কথা উল্লেখ আছে৷ সেই বিটিআৰ চুক্তি প্ৰমোদ বড়োৰ লগ লাগি বিজেপি চৰকাৰে ৰূপায়ণ কৰি বিটিচিবাসী ৰাইজক যি হাৰাশাস্তি কৰিব ওলাইছে তাক কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলি ৰাইজক অৱগত কৰে হাগ্ৰামা মহিলাৰীয়ে৷

    বিপিএফৰ সভাপতি গৰাকীয়ে লগতে কয় যে বিটিআৰ চুক্তিৰ জৰিয়তে কেৱল  বড়ো সকলৰ কথা চিন্তা কৰিলেই নহয়, ইয়াত বিভিন্ন জনগোষ্ঠী আছে আৰু সকলো জনগোষ্ঠীৰ সম উন্নয়নৰ কথা চিন্তা কৰিব লাগিব৷ বিটিচিত কোনো দলে পাত্তা নাপায়৷ বিটিচিত বিপিএফ দলেই পৰিষদ গঠন কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰে ৷
    Published by:Sanjay Kumar Das
    First published: