হাগ্ৰামাক ‘মেকুৰী’ আখ্যা হিমন্ত বিশ্বৰ, হাগ্ৰামাই ক’লে – হিমন্ত বিশ্ব ‘ডকাইত’

হাগ্ৰামা মহিলাৰীয়ে কয় বিটিআৰত এইবাৰ মোৰ আৰু দাদা ওৰফে হিমন্ত বিশ্ব শৰ্মাৰ মাজতহে যুঁজ হ’ব৷ প্ৰমোদ বড়ো বা আন কোনো যুঁজলৈ নাহে৷
হাগ্ৰামা মহিলাৰীয়ে কয় বিটিআৰত এইবাৰ মোৰ আৰু দাদা ওৰফে হিমন্ত বিশ্ব শৰ্মাৰ মাজতহে যুঁজ হ’ব৷ প্ৰমোদ বড়ো বা আন কোনো যুঁজলৈ নাহে৷
- News18 Assam
- Last Updated: November 11, 2020, 8:45 AM IST
বিটিচি নিৰ্বাচনক লৈ এতিয়া ক্ৰমাত আক্ৰমণাত্মক হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰী৷ ইজনে সিজনক ৰাজহুৱাকৈ কৰিছে তীব্ৰ সমালোচনা৷ বিটিআৰত নিৰ্বাচনী চলাবলৈ আহি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক ‘মেকুৰী’ আখ্যা দিয়াৰ পিছত এইবাৰ হিমন্তৰ বিৰুদ্ধে সৰৱ হাগ্ৰামা৷
মঙলবাৰে গোৰেশ্বৰত এখন নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক দিলে ‘ডকাইত’ আখ্যা ৷ হাগ্ৰামাৰ দাবী, মই যদি ‘মেকুৰী’ তেন্তে হিমন্ত ‘ডকাইত’৷ বিটিএডিলৈ আৱণ্টিত এহেজাৰ কোটিৰ ছয়শ কোটি দি চাৰিশ কোটি টকা ডকাইত কৰিছে হিমন্তই৷’
আনহাতে সাংসদ বিশ্বজিৎ দৈমাৰী বিজেপিলৈ যোৱা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় কোনো ক' ত যায় গৈ থাকক, মইতো যোৱা নাই৷ মই থকালৈ বিপিএফ থাকিব৷ তেওঁ কয় এইবাৰো বিটিচি পৰিষদ বিপিএফ দলে দখল কৰিব৷ নিৰ্বাচনত ২৫ৰ পৰা ৩০খন আসন পাব৷