চুক্তিৰ জৰিয়তে অস্ত্ৰ সংস্কৃতি বন্ধ হ'ল বড়ো সমাজত, ২০২১ ত অসমত আকৌ BJP চৰকাৰঃ হাগ্ৰামা

News18 Assam | News18-Assam
Updated:February 7, 2020, 1:32 PM IST
চুক্তিৰ জৰিয়তে অস্ত্ৰ সংস্কৃতি বন্ধ হ'ল বড়ো সমাজত, ২০২১ ত অসমত আকৌ BJP চৰকাৰঃ হাগ্ৰামা
বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে কোকৰাঝাৰত

বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে কোকৰাঝাৰত

  • Share this:
বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে কোকৰাঝাৰত। সকলোৱে দলে বলে প্ৰধানমন্ত্ৰীক জনাই আদৰণি। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে,  বড়ো চুক্তিৰ জৰিয়তে অস্ত্ৰ সংস্কৃতি বন্ধ হ'ল বড়ো সমাজত ৷ চাৰিটা NDFB গোটৰ লগতে এবছুৰ সৈতে একেলগে চুক্তি সম্পাদন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছো ৷ এই চুক্তিৰ বাবে কোনো ভয় খাব নালাগে ৷ সকলোৱে সম অধিকাৰ পাব।’

হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে, ‘ ছাৰ কংগ্ৰেছৰ লগত আমি বহু দিন আছিলো, কিন্তু BJPৰ দৰে ইমান পোৱা নাছিলো ৷ ছাৰ তিনি বছৰলৈকে ১৫০০ কোটি দিয়াৰ সলনি পাঁচ বছৰলৈকে ২৫০০০ কোটি দিলে ভাল পালো হয় ৷ BLTৰ দৰে NDFBৰ সকলো নেতা-কেডাৰৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰক ৷ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক ৷ ২০২১ত অসমত BJPৰে চৰকাৰ হ'ব ৷ BTCতো BPFৰে চৰকাৰ হ'ব ৷ আমি লগ পাই থাকিম।’
আৰু চাওক
পৰৱৰ্তী বাতৰি