বিজু কুমাৰ ডেকা: কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI-এ পলাটক ঘোষণা কৰা এজন ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী ৷ যিজন ২০০৮ৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰো অন্যতম মাষ্টাৰ মাইণ্ড ৷ সেইজন দুৰ্ধষ উগ্ৰপন্থী নেতাৰে গোপন বৈঠকত মিলিত হ'ল বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰী ৷
ডিন্থিলাং ৷ ওৰফে অৰুণ বৰগয়াৰী ৷ নামটো আপুনি নিশ্চয় কেতিয়াবা শুনিছে ৷ শুনিবই ৷ কিয়নো ২০০৮ৰ ৩০ অক্টোবৰত ৰাজ্যত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডত জড়িত বুলি CBI-এ ঘোষণা কৰিছিল অৰুণ বৰগয়াৰী পলাতক বুলি ৷
ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ এইজন অৰুণ বৰগয়াৰীৰ সন্ধান আজি পৰ্যন্ত লাভ কৰা নাই কোনো চোৰাংচোৱা সন্থাই ৷ কিন্তু আৰক্ষী, সেনা-চোৰাংচোৱাই গিজগিজাই থকা এইখন অসমতে ভুমুকি মাৰিছে ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা CBIএ বিচাৰি ফুৰা অৰুণ বৰগয়াৰীক ৷
অবিভক্ত NDFBৰ সেনাধ্যক্ষ ডিন্থিলাং ৷ শনিবাৰে এখন বৈঠকত অংশ গ্ৰহণ কৰে CBI-এ পলাতক ঘোষণা কৰা উগ্ৰপন্থী নেতা ডিন্থিলাঙে ৷ লগত সৰু সুৰা মানুহ নহয়, বাঘা বাঘা ব্যক্তি একাংশ নেতা ৷ হয়, ডিন্থিলাঙৰে বৈঠকত বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰী ৷ লগত অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰক্ষ্ম আৰু NDFB প্ৰগতিশীলৰ পৰা শেহতীয়াকৈ বহিস্কৃত হোৱা প্ৰাক্তন অধ্যক্ষ ধীৰেন বড়ো, জেষ্ঠ নেতা বি ডেৎচুং আৰু ফ্ৰেছ মুছাহাৰী ৷
NDFBৰ বহুসংখ্যক কেডাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকখনত ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰীয়ে ক'ৰ পৰা আহি উপস্থিত হৈছিল, সেয়া এতিয়াও ৰহস্য ৷ ৰহস্য- ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা CBI-ৰ মষ্ট ৱাণ্টেড ডিন্থিলাঙকলৈ কি বৈঠকত বহিলে হাগ্ৰামা মহিলাৰীয়ে ৷ NEWS18ৰ হাতত পৰা খবৰ মতে শনিবাৰে বৈঠকখনত অনুষ্ঠিত হৈছিল কোকোৰাঝাৰত ৷
কোকোৰাঝাৰৰ হোটেল আৰনাইত শনিবাৰে বিয়লি অনুষ্ঠিত হোৱা বৈঠকখন আয়োজন কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ৷ বৈঠকখনৰ আঁত ধৰিছিল মন্ত্ৰী চন্দন ব্ৰহ্মই ৷
এই বৈঠকতে CBIৰ মষ্ট ৱাণ্টেড অৰুণ বৰগয়াৰীয়ে অংশগ্ৰহণ কৰাকলৈ বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কোকোৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ শৰণীয়াই হাগ্ৰামা মহিলাৰীক সোধাপোচা কৰিবলৈ CBIক আহ্বান জনায় ৷ হাগ্ৰামাক সোধাপোচা কৰিলেই ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড তথা পলাতক NDFBৰ নেতা অৰুণ বৰগয়াৰীৰ সন্ধান পাব বুলি মন্তব্য কৰে ৷