মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিজেপিৰ TERMS & CONDITION! প্ৰমোদ বড়োক বিগ ব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামাই

বিজেপিৰ TERMS & CONDITION! প্ৰমোদ বড়োক বিগ ব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামাই

News18 Assam | News18-Assam
Updated:September 3, 2021, 8:52 PM IST
বিজেপিৰ TERMS & CONDITION! প্ৰমোদ বড়োক বিগ ব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামাই
BPFৰ সন্মুখত বিজেপিৰ মহাচৰ্ত ৷ প্ৰমোদ বড়োক বিগব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামা মহিলাৰীয়ে ৷ 

BPFৰ সন্মুখত বিজেপিৰ মহাচৰ্ত ৷ প্ৰমোদ বড়োক বিগব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামা মহিলাৰীয়ে ৷ 

  • Share this:
BPFৰ সন্মুখত মিত্ৰজোঁটত চামিলৰ চৰ্ত দিলে বিজেপি সভাপতি ভৱেশ কলিতাই।
মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰালে AIUDFক ৷ কংগ্ৰেছ-AIUDFৰ মধুচন্দ্ৰিকাৰ অৱসান ঘটাত মহাজোঁটত থকা BPF এতিয়া কাৰ লগত থাকিব তাকে লৈ ৰাজনৈতিক মহলত অব্যাহত আছে ব্যাপক চৰ্চা ৷

মিত্ৰজোঁটত চামিল হ'বলৈ ঠেং দাঙি থকা BPFক আদৰি ল'বনে বিজেপিয়ে? মিত্ৰজোঁটত চামিল হ'বলৈ হ'লে  বিপিএফে মানিব লাগিব বিজেপিৰ TERMS & CONDITION। এই কথা একেবাৰে স্পষ্ট কৰি দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷  সুদীৰ্ঘ কাল বিটিচিত শাসন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফক মিত্ৰজোঁটত চামিল কৰাত কোনো আপত্তি নাই সভাপতি ভৱেশ কলিতাৰ ৷ কিন্তু, বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটত চামিল হোৱা বিপিএফে মানিব লাগিব বিজেপিয়ে বান্ধি দিয়া কিছুমান চৰ্তাৱলী ৷

ভৱেশ কলিতাৰ স্পষ্ট কথা— "প্ৰায়শ্চিত্ত কৰিব নালাগে হাগ্ৰামা মহিলাৰীয়ে, বিজেপিৰ কাষৰ পৰা আঁতৰি গৈ পাপো কৰা নাছিল হাগ্ৰামাৰ বিপিএফে। কিন্তু বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বিটিআৰত বিগ ব্ৰাডাৰৰ স্বীকৃতি দৈ থৈছে প্ৰমোদ বড়োকহে ৷ গতিকে প্ৰমোদ বড়োক বিগ ব্ৰাডাৰ হিচাপে মানিব লাগিব হাগ্ৰামা মহিলাৰীয়ে ৷ যদি মানি ল'ব পাৰে বিপিএফক আমি আদৰি লোৱাত আপত্তি নাই ৷"

ভৱেশ কলিতাই লগতে এই কথাও ক'লে, "বিপিএফৰ লগত নাছিল আমাৰ কোনো মানসিক দূৰত্ব ৷ ২০১৬ৰ পৰা তেওঁলোকৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰীও আছিল ৷ আমি সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে বিটিআৰত অকলে খেলিছিলো নিৰ্বাচন ৷ কিন্তু বিপিএফ চামিল হৈছিল আমাৰ বিৰুদ্ধে থকা মহাজোঁটত ৷"

এয়া আছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য ৷ ভৱেশ কলিতাক গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনত আসন দুখনত বিপিএফ নে ইউপিপিএল নে বিজেপি নিৰ্বাচনত অৱতীৰ্ন হ'ব বুলিও সোধা হৈছিল বিষয়টোৰে সংগতি থকা এটা প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই ক'লে "সিদ্ধান্ত ল'ব দলে ৷"BJPৰ স্থিতি এতিয়া একেবাৰেই স্পষ্ট ৷ বিপিএফ মিত্ৰজোঁটত চামিল হোৱা নোহোৱাক লৈ যেন মূৰ ঘমোৱা নাই এতিয়া বিজেপিয়ে ৷ একপ্ৰকাৰ বিপিএফৰ সন্মুখত চৰ্ত দি বিজেপিয়ে যেন এতিয়া বিপিএফক কৰি পেলালে অনাকাংক্ষিত অতিথিহে ৷
Published by: Himangshu Bhuyan
First published: September 3, 2021, 8:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি