মুখ্যপৃষ্ঠা » খবৰ

» অসম

»BJPৰ Formula One And Two: মিত্ৰতাৰ ন আলহীক লৈ চিন্তিত প্ৰমোদ বড়ো, বিপৰীতে উৎফুল্লিত হাগ্ৰামা ! আউল লাগিছে মহাজোঁটতো, খোলাখুলিকৈ কমলাক্ষ্য দেই কৈ দিলে...

BJPৰ Formula One And Two: মিত্ৰতাৰ ন আলহীক লৈ চিন্তিত প্ৰমোদ বড়ো, বিপৰীতে উৎফুল্লিত হাগ্ৰামা ! আউল লাগিছে মহাজোঁটতো, খোলাখুলিকৈ কমলাক্ষ্য দেই কৈ দিলে...

News18 Assam | News18-Assam
Updated:August 24, 2021, 3:58 PM IST
BJPৰ Formula One And Two: মিত্ৰতাৰ ন আলহীক লৈ চিন্তিত প্ৰমোদ বড়ো, বিপৰীতে উৎফুল্লিত হাগ্ৰামা ! আউল লাগিছে মহাজোঁটতো, খোলাখুলিকৈ কমলাক্ষ্য দেই কৈ দিলে...
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই BPF-UPPLক দুটা ফ'ৰ্মূলাৰে মিত্ৰতাত চামিল হ'বলৈ পৰামৰ্শ দিয়াৰ সময়তে AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা ৰাইজে বিচৰা নাই বুলি মঙলবাৰে মুকলিকৈ ক'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থয়ে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই BPF-UPPLক দুটা ফ'ৰ্মূলাৰে মিত্ৰতাত চামিল হ'বলৈ পৰামৰ্শ দিয়াৰ সময়তে AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা ৰাইজে বিচৰা নাই বুলি মঙলবাৰে মুকলিকৈ ক'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থয়ে ৷

  • Share this:
ৰাজ্যৰ ৰাজনীতিত এতিয়া বড়োভূমিৰ ৰাজনীতি আৰু মহাজোঁটৰ প্ৰাসংগিকতাক লৈ ব্যাপক চৰ্চা চলি আছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই BPF-UPPLক দুটা ফ'ৰ্মূলাৰে মিত্ৰতাত চামিল হ'বলৈ পৰামৰ্শ দিয়াৰ সময়তে AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা ৰাইজে বিচৰা নাই বুলি মঙলবাৰে মুকলিকৈ ক'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰুকায়স্থয়ে ৷

কি ফ'ৰ্মূলাত BJPৰে হ'ব BPFৰ মিত্ৰতা?

দুটা ফ'ৰ্মূলাক লৈ বড়োভূমিৰ ৰাজনীতিত ব্যাপক চৰ্চা ৷ এই বিষয়ক লৈ এতিয়া BTRৰ ৰাজনীতিত চলিছে গৰম বতাহ ৷ হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিৰ সৈতে মিত্ৰতা সম্পৰ্কত বহুবাৰ আলোচনা ইতিমধ্যে হৈ গৈছে ৷ BJPৰে মিত্ৰতা ৰক্ষাত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে হাগ্ৰামা মহিলাৰীক দিয়া ফ'ৰ্মূলা মতে BTRৰ মূৰব্বী পদত হয় প্ৰমোদ বড়ো, নহয় হাগ্ৰামা মহিলাৰী অধিষ্ঠিত হ'ব ৷ দুয়োজনৰ এজন আহিব লাগিব দিছপুৰলৈ ৷ নহ'লে দ্বিতীয়টো ফ'ৰ্মূলা মতে BTR এৰি দুয়োজন নেতাই দিছপুৰলৈ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিব লাগিব ৷

মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে দিয়া দুটা ফ'ৰ্মূলাক লৈ এতিয়া শলঠেকত পৰিছে BTRৰ মূৰব্বী তথা UPPLৰ মূৰব্বী প্ৰমোদ বড়ো ৷ মংগলবাৰে প্ৰমোদ বড়োয়ে এই বিষয়ত কেৱল সংবাদ মাধ্যমতহে চৰ্চা চলি আছে বুলি মন্তব্য কৰে ৷ আচলতে মিত্ৰতাৰ দুৱাৰ BPFৰ বাবে BJPয়ে খোলাক লৈ এতিয়া বিপাঙত পৰিছে UPPL ৷ একেখন মঞ্চত BJPৰ সৈতে থাকিবনে UPPL আৰু BPF? UPPL তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োৰ দাবী- “ৰাজনীতিৰ কথা কিয় ইমান চৰ্চা কৰিব লাগে? ৰাজনীতিৰ কথাতকৈ উন্নয়নৰ কথাহে আমি সকলোৱে বেছিকৈ চৰ্চা কৰা উচিত ৷ ৰাজনীতি চলি থাকিব ৷ কিন্তু ৰাজনীতিত কৈ উন্নয়নকহে বেছি গুৰুত্ব দিব লাগে ৷”

ইপিনে কংগ্ৰেছ-AIUDFৰ নেতৃত্বত থকা মহাজোঁটক লৈ সম্প্ৰতি চলিছে ব্যাপক চৰ্চা ৷ চৰ্চা চলিছে- থাকিব গৈ নে বিৰোধীৰ মহাজোঁট?

এই সন্দৰ্ভত মংগলবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ্য দে পুৰুকায়স্থই ক'লে- “AIUDFৰে মিত্ৰতা ৰাইজে বিচৰা নাই ৷ সেয়ে বিগত নিৰ্বাচনত পৰাজিত হ'ল মহাজোঁট ৷ এতিয়াও ৰাইজে AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা বিচৰা নাই ৷ আমি বিষয়টো ক'ৰ কমিটিত আলোচনা কৰিম আৰু এই ক্ষেত্ৰত হাইকামাণ্ডে সিদ্ধান্ত ল'ব ৷”

মহাজোঁটক লৈ প্ৰশ্ন কৰাৰ সময়তে মহাজোঁটৰ অংশীদাৰ দল BPFৰ প্ৰসংগও মংগলবাৰে উত্থাপিত হ'ল ৷ এই প্ৰসংগত কমলাক্ষ্য দে পুৰুকায়স্থয়ে ক'লে- “BPF মহাজোঁটত থকা নথকাক লৈ চিন্তিত নহয় কংগ্ৰেছ ৷ কংগ্ৰেছ আঞ্চলিক দল নহয়, এটা সৰ্বভাৰতীয় দল ৷” মুঠতে সাম্প্ৰতিক সময়ত ৰাজ্যৰ ৰাজনীতিত বড়োভূমিৰ ৰাজনীতি আৰু মহাজোঁটৰ ৰাজনীতিয়ে গৰম কৰি ৰাখিছে ৷
Published by: Kokil Sarma
First published: August 24, 2021, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি