হিমন্ত বিশ্বই কাক মিঞা বুলি কৈছে? বিৰোধীয়ে তুলাধুনা দিলে হিমন্ত বিশ্ব শৰ্মাক

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মেৰু বিভাজনৰ ৰাজনীতিক লৈ এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ আৰু AIUDF৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মেৰু বিভাজনৰ ৰাজনীতিক লৈ এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ আৰু AIUDF৷
- News18 Assam
- Last Updated: November 15, 2020, 4:31 PM IST
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মেৰু বিভাজনৰ ৰাজনীতিক লৈ এতিয়া সৰৱ বিৰোধী কংগ্ৰেছ আৰু AIUDF৷ বিৰোধী AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ দাবী - “হিমন্ত বিশ্বই প্ৰথমে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ খতিয়ান দিয়ক৷ খতিয়ান দিয়ক ২২ লাখ নিৱনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ৷ ২২ লাখ নিৱনুৱাক সংস্থাপন দূৰৰে কথা; লক ডাউনত কিমানৰ চাকৰি গ'ল তাৰ হিচাপ কোনে দিব?”
মন্ত্ৰী হিমন্ত বিশ্বক এনেদৰে প্ৰত্যাহ্বান জনাই AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে পুনৰ ক'লে -“মিঞা বুলি কাক ক'ব বিচাৰিছে হিমন্তই? মিঞা বুলি কাক ইতিকিং কৰিছে? যদি মিঞা ইতিকিঙৰ পাত্ৰ তেন্তে তেওঁৰ পকেটত সোমাই থকা কেইজন কোন? বহুকেইজন মিঞা সোমাই আছে হিমন্তৰ পকেটত৷”