உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আকৌ যেন সপোন হ'ল স্মৃতিৰ চিকিৎসা! চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা দান–বৰঙণি লুটি নিলে দুৰ্বৃত্তই

    আকৌ যেন সপোন হ'ল স্মৃতিৰ চিকিৎসা! চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা দান–বৰঙণি লুটি নিলে দুৰ্বৃত্তই

    ছাত্ৰীগৰাকীক সুস্থ কৰি তোলাৰ লক্ষ্যৰে সতীৰ্থ শিক্ষাৰ্থী, শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো হৃদয়বান লোকৰ পৰা সহায়ৰ হাত বিচাৰি আহ্বান জনাইছিল।

    ছাত্ৰীগৰাকীক সুস্থ কৰি তোলাৰ লক্ষ্যৰে সতীৰ্থ শিক্ষাৰ্থী, শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো হৃদয়বান লোকৰ পৰা সহায়ৰ হাত বিচাৰি আহ্বান জনাইছিল।

    ছাত্ৰীগৰাকীক সুস্থ কৰি তোলাৰ লক্ষ্যৰে সতীৰ্থ শিক্ষাৰ্থী, শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো হৃদয়বান লোকৰ পৰা সহায়ৰ হাত বিচাৰি আহ্বান জনাইছিল।

    • Share this:
    এফালে মানৱতাৰ নিদৰ্শন আৰু আনফালে মানৱীয় প্ৰমূল্যক কুঠাৰাঘাত কৰি নিকৃষ্ট মানসিকতাৰ পৰিচয় দিয়া এক ঘটনা সংঘটিত হৈছে টীয়কত। এগৰাকী ৰুগীয়া মেধাৱী ছাত্ৰীক চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা দান-বৰঙণি লুটি নিলে দুষ্ট চক্ৰই। ঘটনাৰ বিৱৰণী অনুসৰি টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী তথা বলমা টিপমীয়া গাঁৱৰ স্মৃতি বৰা হঠাৎ বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাত আৰ্থিকভাৱে দুৰ্বল পিতৃ-মাতৃৰ মূৰত যেন সৰগ ভাগি পৰিছিল। কাৰণ স্মৃতিৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল বৃহৎ পৰিমাণৰ অৰ্থৰ।

    তেনে সময়তে মেধাৱী ছাত্ৰীগৰাকীক পুনৰ সুস্থ কৰি তোলাৰ লক্ষ্যৰে সতীৰ্থ শিক্ষাৰ্থী, শুভাকাংক্ষীয়ে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো হৃদয়বান লোকৰ পৰা এধানি সহায়ৰ হাত বিচাৰি আহ্বান জনাইছিল। আৰু সেই আহ্বানলৈ সঁহাৰি জনাই বহুজনে কিঞ্চিত সহায়ৰ হাত আগবঢ়াইছিল স্মৃতিৰ চিকিৎসাৰ বাবে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ একাউণ্ট নম্বৰ আৰু ফোন নম্বৰত আন দহজনৰ দৰে এগৰাকী অচিনাকি ব্যক্তিয়ে সহায় কৰিবলৈ আগবাঢ়িল ৷

    নিজকে ভাৰতীয় সেনাত কৰ্মৰত বুলি পৰিচয় দি স্মৃতিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ ইচ্ছুক বুলি যোগাযোগ কৰে পৰিয়ালক। কিন্তু পৰিয়ালৰ লোকে ভাৱিব পৰা নাছিল যে সেই লোকজন যে এজন হেকাৰ ৷ 9165113823 নম্বৰৰ পৰা ফোন কৰি নিজকে ভাৰতীয় সেনা বুলি চিনাকি দিয়াৰ লগতে দহ হাজাৰ টকা চিকিৎসাৰ বাবে আগবঢ়াব বুলি জানিবলৈ দিয়ে।

    পৰৱৰ্তী সময়ত স্মৃতিক মোবাইলত গুগল পে' (Google Pay) ইনষ্টল কৰিবলৈ কয় আৰু হোৱাটছএপ যোগে কিউ আৰ ক'ড পঠাই স্কেন কৰিবলৈ কৈ বিভিন্ন চল চাতুৰিয়ে যুৱতীগৰাকীৰ একাউণ্টত চিকিৎসাৰ বাবে বিভিন্নজনে আগবঢ়োৱা দান-বৰঙণিৰ সমুদাই ধন লুটি লৈ যায়। পৰিণতিত এতিয়া স্মৃতিৰ চিকিৎসা আকৌ সপোন যেন হৈ পৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃৰ বাবে।

    ইতিমধ্যে পৰিয়ালৰ লোকে টীয়ক আৰক্ষী থানাত  ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
    এই ঘটনাই সকলোকে হতভম্ব কৰি তোলাৰ বিপৰীতে সকলোৱে অপৰাধীক আৰক্ষীয়ে শীঘ্ৰে জালত পেলাই কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনাইছে।
    Published by:Sanjay Kumar Das
    First published: