ৰঙিয়াত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৯ লক্ষাধিক টকা

টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী।
টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী।
- News18 Assam
- Last Updated: October 11, 2020, 9:43 AM IST
ৰঙিয়াৰ মুৰাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকাই কন্যাৰ বিয়াৰ বাবে সাঁচি ৰখা ধন হৰলুকী। টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী। এসপ্তাহৰ ভিতৰত ৯ লাখ ১৩ হাজাৰ টকা লুটি নিলে লোকজনৰ একাউণ্টৰ পৰা। ১৭ বাৰকৈ উলিওৱা হৈছিল গ্ৰাহকজনৰ ধন।
কন্যাৰ বিয়াৰ বাবে জমা থোৱা ধনখিনি হৰলুকী হোৱাত কান্দি কান্দি হাহাকাৰ লগাইছে পৰিয়ালটোৱে। এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষ আৰু ৰঙিয়া আৰক্ষীক ভুক্তভোগী গ্ৰাহকে দাখিল কৰিছে অভিযোগ।