সঠিককৈ পৰীক্ষা অনুষ্ঠিত কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা, বাৰে বাৰে ব্লেক লিষ্টেড কোম্পানীৰ দ্বাৰা পৰীক্ষা পাতি আহিছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে। এলাহাবাদ হাই ক’ৰ্টে ব্লেক লিষ্টেড কৰা মুম্বাইৰ ‘এপটেক’ কোম্পানীয়ে জলসিঞ্চন বিভাগৰ পৰীক্ষা পতাৰ নমাত চূড়ান্ত বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বহু চাকৰি প্ৰাৰ্থী দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ।
বুধবাৰে এই বিষয়ত শুনানি গ্ৰহণ কৰি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে। আনকি উচ্চ ন্যায়ালয়ক অনুমতি অবিহনে এই পৰীক্ষাৰ ফলাফলো ঘোষণা কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে।উল্লেখযোগ্য যে, হৈ যোৱা ‘চেক্চন এছিচটেণ্ট’ ৰ প্ৰতিটো পদত প্ৰায় ৭ৰ পৰা ৯ লাখ টকালৈকে দৰ দাম হোৱাৰো অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে, প্ৰতিটো পৰীক্ষাতে চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঠিকেই এখন তদন্ত কমিটী গঠন কৰি দিয়ে। কিন্তু সেই কমিটীৰ তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়ে সেয়া কাৰোৰে চকুত নপৰে।