হিমাচল প্ৰদেশৰ কুলু নৈত উটি গ'ল অসমৰ এগৰাকী যুৱতী

হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পাহাৰীয়া কুলু নৈত উটি গ'ল গুৱাহাটীৰ প্ৰিয়ংকা জৈন নামৰ এগৰাকী যুৱতী

News18-Assam
Updated:October 17, 2019, 4:47 PM IST
হিমাচল প্ৰদেশৰ কুলু নৈত উটি গ'ল অসমৰ এগৰাকী যুৱতী
হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পাহাৰীয়া কুলু নৈত উটি গ'ল গুৱাহাটীৰ প্ৰিয়ংকা জৈন নামৰ এগৰাকী যুৱতী
News18-Assam
Updated: October 17, 2019, 4:47 PM IST
এক মৰ্মান্তিক ঘটনা। হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পাহাৰীয়া কুলু নৈত উটি গ'ল গুৱাহাটীৰ প্ৰিয়ংকা জৈন নামৰ এগৰাকী যুৱতী । হিমাচল প্ৰদেশৰ কুলুলৈ পৰিয়ালৰ সৈতে অৱসৰ বিনোদনৰ বাবে যোৱা প্ৰিয়ংকা শিলত পিছলি খৰস্ৰোতা নদীৰ পানীত পৰি নিখোজ হয়।

দুৰ্ঘটনাতো সংঘটিত হোৱাৰ প্ৰাক মুহূৰ্তত আন এগৰাকী যুৱতীৰ সৈতে মণিকৰ্ণ উপত্যকাৰ এখন পাহাৰীয়া নদীৰ পানী যুঁৱলিৰ পাৰত বহি আছিল অসমৰ যুৱতীগৰাকী। পিচত যুৱতীগৰাকী পানীত পৰি যোৱাৰ পিছত উদ্ধাৰকাৰী দলে নদীৰ বুকুত ততালিকে অভিযান চলায় যদিও এগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই উদ্ধাৰকাৰী দল।

আৰু চাওক পৰৱৰ্তী বাতৰি