নগাঁৱত আৰক্ষী বিষয়াৰ ঘৰত তালাচী মহানগৰ আৰক্ষীৰ, ভৰলুমুখত জব্দকৃত ৫০ লক্ষাধিক টকাৰ সোণৰে সম্পৰ্কৰ সন্দেহ

News18 Assam | News18-Assam
Updated:June 15, 2021, 11:14 PM IST
নগাঁৱত আৰক্ষী বিষয়াৰ ঘৰত তালাচী মহানগৰ আৰক্ষীৰ, ভৰলুমুখত জব্দকৃত ৫০ লক্ষাধিক টকাৰ সোণৰে সম্পৰ্কৰ সন্দেহ
বিলাসী জীৱন কটোৱা আৰক্ষী বিষয়াগৰাকীৰ আন্ত:ৰাষ্ট্ৰীয় অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত বৰ্তমান আৰক্ষীয়ে জেৰা চলাইছে।

বিলাসী জীৱন কটোৱা আৰক্ষী বিষয়াগৰাকীৰ আন্ত:ৰাষ্ট্ৰীয় অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত বৰ্তমান আৰক্ষীয়ে জেৰা চলাইছে।

  • Share this:

গুৱাহাটীৰ ভৰলুমুখত ৫০ লক্ষাধিক টকাৰ সোণ আৰু নগদ ধনসহ মনোজ শ্বাহ আৰু আৰমান আলী নামৰ দুজন যুৱক আটক হোৱাৰ পিছতে মহানগৰ আৰক্ষীৰ দলে অভিযান চলাইছে নগাঁৱৰ আৰক্ষী ছাউনীত। উল্লেখ্য যে জব্দকৃত সোণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে আটক কৰিছিল বদ্ৰীপ্ৰসাদ বাৰোৱতী নামৰ এগৰাকী ৰে'লৱে পুলিচৰ উপপৰিদৰ্শকক। ইয়াৰ পিছতে মহানগৰ আৰক্ষীৰ দলে আৰক্ষী উপপৰিদৰ্শকগৰাকীৰ পত্নী বৰ্ণালী বৰাৰ নগাঁও ছাউনীস্থিত চৰকাৰী আৱাসত অভিযান চলায়।


বৰ্ণালী বৰা হয়বৰগাঁও ৰে'লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক। আৰক্ষীৰ দলটোৱে বৰ্ণালী বৰাৰ আৱাসৰ পৰা সোণৰ গহণা, হীৰাৰ গহণাৰ লগতে জব্দ কৰিছে নগদ ৩ লক্ষাধিক টকা। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে বিকানেৰ জেমছ এণ্ড জুৱেলাৰী নামৰ নগাঁও চহৰৰ মাৰোৱাৰী গহণাৰ প্ৰতিষ্ঠানখনতো অভিযান চলায়। আৰক্ষীৰ দলটোৱে বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ মণিহাৰীকো আটক কৰে। উল্লেখ্য যে বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও নগাঁৱৰ বহু লোকৰ ধন আত্মসাতৰ অভিযোগ আছিল। আনকি বহুদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীকেইজনে দোকান বন্ধ কৰি বহি:ৰাজ্যত পলায়ন কৰিও থাকিব লগা হৈছিল।


আনহাতে, মহানগৰ আৰক্ষীয়ে আটক কৰা আৰক্ষী বিষয়া বদ্ৰীপ্ৰসাদ বাৰোৱাতী পূৰ্বে বহুদিন নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল। বদ্ৰীয়ে পূৰ্বে নগাঁৱত থকা অৱস্থাতে বহু বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। বিলাসী জীৱন কটোৱা আৰক্ষী বিষয়াগৰাকীৰ আন্ত:ৰাষ্ট্ৰীয় অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত বৰ্তমান আৰক্ষীয়ে জেৰা চলাইছে।

Published by: Gautam Barman
First published: June 15, 2021, 11:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি