যুৱতীক মাৰপিট কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ পুত্ৰৰ আত্মসমৰ্পণ

CCTV ফুটেজত পোহৰলৈ আহিছে যুৱতীৰ ওপৰত চলোৱা শিহৰণকাৰী আক্ৰমণৰ দৃশ্য , NEWS18ৰ অপৰাধনামাত সবিস্তাৰে প্ৰকাশ পাইছিল কংগ্ৰেছী নেতাৰ গুণ্ডামি

news18assam
Updated:May 9, 2019, 3:37 PM IST
যুৱতীক মাৰপিট কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ পুত্ৰৰ আত্মসমৰ্পণ
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল চৰকাৰৰ পুত্ৰ নেকিব জামান
news18assam
Updated: May 9, 2019, 3:37 PM IST
অৱশেষত যুৱতীক মাৰপিট কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ পুত্ৰৰ আত্মসমৰ্পণ। এগৰাকী OYO কৰ্মচাৰীৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল চৰকাৰৰ পুত্ৰ নেকিব জামানে বশিষ্ঠ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে।

হাতীগাঁৱৰ গ্ৰেণ্ড মেজেষ্টী হোটেলৰ স্বত্তাধিকাৰী নেকিব জামানে টানি চোঁচৰাই, গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল অসহায় যুৱতীক। হোটেলৰ CCTV আৱদ্ধ যুৱতী নিৰ্যাতনৰ ভয়ংকৰ দৃশ্য।
ঘটনাক ঘাপ দিয়া চেষ্টা OYO কৰ্তৃপক্ষৰ।

মঙলবাৰে ৰাতিপুৱাই সংঘটিত হোৱা এই জঘন্য ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল OYO কৰ্তৃপক্ষই ৷ ৭ ঘন্টাধৰি ঘটনাৰ খৱৰ দিয়া নাছিল আৰক্ষীক ৷ আনকি সংবাদমাধ্যমে বাৰে বাৰে প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰাৰ পাছতো মুখ খুলিবলৈ সাহস কৰা নাছিল এইগৰাকী OYOৰ জি এমে ৷

আৰক্ষীৰ দৃষ্টিত অভিযুক্ত নেকিব জামান পলাই যোৱাৰ বাট উলিয়াই দিছিল OYO কৰ্তৃপক্ষই।অৱশ্যে নিশাই আৰক্ষীয়ে সোধপোচৰ বাবে লৈ আনে নেকিবৰ ভ্ৰাতৃ তথা হোটেলৰ দুই কৰ্মচাৰীক। ইপিনে যুৱতীক শাৰীৰিক নিৰ্যাতন চলাই নিশাই গুৱাহাটী এৰাৰ পৰিকল্পনা কৰিছিল প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ নেকিব জামানে ৷ কিন্তু বিমানবন্দৰত আৰক্ষী সষ্টম হোৱাত বিফল হৈছিল নেকিবৰ গুৱাহাটী পৰা পলাই যোৱাৰ চেষ্টা ৷ অৱশেষত আজি নেকিবে বশিষ্ঠ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। বুধবাৰে ‘অপৰাধনামা’ত সবিস্তাৰে প্ৰকাশ হৈছিল কংগ্ৰেছী নেতাৰ পুত্ৰৰ গুণ্ডামিৰ কাহিনী।

আৰু চাওক পৰৱৰ্তী বাতৰি