৫০ বছৰীয়া জন্ম দিনৰ দিনাই গানেৰেই ৰাজ্যবাসীক কৃতজ্ঞতা জনালে অসমবাসীৰ মৰমৰ গায়ক জুবিন গাৰ্গে। আজি ওপজা দিনৰ দিনাই নিজৰ সংগীত জগতৰ সমস্ত সাধনা সামৰি গঢ়ি তোলা জুবিন গাৰ্গ মিউজিক (Zubeen Garg Music) লেবেল । আজি জুবিনে মুকলি কৰিলে জুবিন গাৰ্গ মিউজিকৰ ইউটিউব চেনেল, টুইটাৰ একাউণ্ট, ফেচবুক একাউণ্ট আৰু ইনষ্টাগ্ৰাম একাউণ্ট।
নিজৰ ফেচবুক পেজত শিল্পী জুবিন গাৰ্গে ইউটিউব চেনেলৰ লিংক প্ৰদান কৰি তেওঁৰ অনুৰাগী সকলক like, Follow, Share, Subscribe কৰিবলৈ অনুৰোধ জনাইছে।
এই YouTube চেনেলত জুবিনৰ সকলো নতুন-পুৰণি গীত লাভ কৰিব অনুৰাগীয়ে। অহা ২৬ নবেম্মৰৰ পৰা আপলোড কৰা হব গীত।
ইয়াত জুবিনৰ গানৰ লগতে ইয়াৰ যোগেদি জুবিনে ৰাজ্যৰ নতুন প্ৰতিভাৰ সন্ধান কৰাৰো মানস কৰিছে। এই চেনেলত প্ৰকাশৰ বাবে নিজে লিখি নিজে গোৱা গান হব লাগিব। অসমৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত জুবিন গাৰ্গ মিউজিক চিৰ দায়বদ্ধ হৈ থাকিব বুলি গায়ক জনে। জুবিন গাৰ্গ মিউজিকে আগন্তুক দিনত নতুন নতুন শিল্পীৰ জন্ম দিব বুলি আশাবাদী জুবিন।
কোনোবাই গীত প্ৰকাশ কৰিব বিচাৰিলে ২৪ নৱেম্বৰৰ পৰা 6001845445 নম্বৰত যোগাযোগ কৰিব পাৰিব। ২৪ নৱেম্বৰৰ পৰা খুলি দিয়া হ'ব এই ফোন নম্বৰটো।
জুবিনে বাৰটা নতুন গীতৰ কামো কৰি আছে বুলি জনাইছে এই শুভক্ষণত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|